সুগন্ধি উদ্যোগৰ ব্যৱাসায় কৰা কানপুৰৰ ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা এক তালাচীত উদ্ধাৰ কৰা হৈছে ১৫০ কোটি টকা ৷ প্লাষ্টিকেৰে মেৰিয়াই বাসগৃহটোৰ তিনিটা ৱাৰড্ৰৱত এই টকাৰ বাণ্ডিলসমূহ লুকুৱাই ৰখা হৈছিল ৷
আয়কৰ বিভাগে প্ৰকাশ কৰা আলোকচিত্ৰসমুহতত দেখা গৈছে কিদৰে এই টকাৰ বাণ্ডিলসমূহ লুকুৱাই ৰাখিছিল ব্যৱসায়ীজনে ৷ বৃহস্পতিবাৰৰ পৰা বিভাগটোৱে এই অভিযান আৰম্ভ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ কানপুৰৰ লগতে মুম্বাই আৰু গুজৰাটতো আয়কৰ বিভাগে অব্যাহত ৰাখিছে অভিযান ৷
ব্যৱসায়ীজনে দিয়া কৰ ফাঁকিৰ বাবে সামগ্ৰী আৰু সেৱা কৰ বিষয়াসকলৰ দ্বাৰা প্ৰথমে অভিযান আৰম্ভ কৰা হৈছিল। কিন্তু অভিযানকালত লাভ কৰা তথ্যৰ ভিত্তিত পৰৱর্তী সময়ত আয়কৰ বিভাগো এই অভিযানত জড়িত হৈ পৰে ৷ জিএছটি বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ভুৱা চালান আৰু ই-ৱে বিল অবিহনে বিক্ৰী কৰা সামগ্ৰীৰ পৰা লাভ কৰা ধন ব্যৱসায়ীজনে জমা কৰি ৰাখিছিল