শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নৱ জাগৰণ প্ৰকাশন গোষ্ঠীৰ ৭খন গ্ৰন্থ উন্মোচন কৰা হয়।হিমানী ওজা ভূঞা গল্প সংকলন ‘কক্ষপথ’, প্ৰফুল্ল বৰুৱা ‘পৃথিৱীৰ কেইগৰাকীমান চিত্ৰশিল্পী’ নামৰ গ্ৰন্থদুখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ-উপন্যাসিক দেৱব্ৰত দাসে।
ইয়াৰ উপৰিও তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন কবি ধীৰাজ বড়ো কবিতা পুথি ‘আওবাটৰ বাটৰুৱা’, ৰূপালী হাজৰিকা বৰুৱাৰ পৃথিৱীৰ দহ গৰাকী মহীয়সী নাৰীৰ জীৱনভিত্তিক গ্ৰন্থ ‘দশাঙ্গনা’ উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে মৰমী কাকতিৰ ‘নির্জনতাত বতাহে কথা পাতে’ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক শিশু গ্ৰন্থ ‘অকনিৰ ভূপেন মামা’ নিজৰা বৰ্মন ডেকাৰ অনু গল্প সংকলন ‘শূন্যতাৰ প্ৰতিচ্ছবি’ উন্মোচন কৰা হয়।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানতো আঁত ধৰে নিমানন্দ দাসে।