মানুহৰ স্মৃতি শক্তি বিভিন্ন কাৰণত হৃাস হ’ব পাৰে। যিকোনো দুৰ্ঘটনাজনিত কাৰণত মূৰত আঘাত পালে স্মৰণ শক্তি হৃাস হব পাৰে বা অত্যাধিক শোক , আনন্দ , খং আদি আবেগিক অৱস্থাত সাময়িক ভাবে স্মৃতিশক্তি হৃাস হ’ব পাৰে। আমি হেৰাই যোৱা স্মৃতিশক্তি পুনৰ ঘুৰাই আনিব পাৰো বনৌষধিৰ সহায়ত।
ব্ৰাহ্মীশাক:—ব্ৰাহ্মীশাক সাধাৰণতে জেকা মাটিত হয়। মগজুত স্মৰণ শক্তি বৃদ্ধি আৰু স্নায়ু শক্তিশালী কৰিবৰ কাৰণে একমুঠি মান ব্ৰাহ্মীশাক অলপ গৰুৰ ঘিউত ভাজি দিনে এবাৰ কৈ খাব লাগে নাইবা কেঁচা নহৰুৰ তিনি ফোটাৰ লগত চাটনি কৰিও আহাৰৰ লগত খাব পাৰি। ব্ৰাহ্মীশাকৰ ৰস উলিয়াই গাখীৰৰ লগত মিহলি কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়।ব্ৰাহ্মীশাকত যথেষ্ট পৰিমানে ফছফৰাছ থাকে বাবে মগজুৰ কোষৰ কাৰণে উপকাৰী।
মানিমুনি শাক:—মানিমুনিক শাকৰ ৰজা বুলি কোৱা হয়। মানিমুনি দুবিধ—সৰু মানিমুনি আৰু বৰ মানিমুনি।মাটিত বগাই যোৱা এই দুয়োবিধ মানিমুনিয়েই মগজু আৰু স্নায়ুৰ কাৰণে অতি উপকাৰী। প্ৰতিদিনেই মানিমুনিৰ পাত দহ খনকৈ চোবাই খালে স্মৰণ শক্তি আৰু স্নায়ু সবল হয়।
টেঙেচি শাক:—টেঙেচি জেকা মাটিত বগাই যায়।ইয়াৰ পাত আৰু ঠাৰি টেঙা। টেঙেচি টেঙা পাতত দি, ভাজি বা দাইলত দি নাইবা চাটনি কৰি খাব পাৰি। তদুপৰি টেঙেচি টেঙাৰ ৰস উলিয়াই খালেও স্মৰণ শক্তি বৃদ্ধি হয়।
গোমধান:—গোমধান এটাৰ পৰা প্ৰায় দহ গ্ৰাম বিজ এৰুৱাই তাক খুন্দি এক গিলাচ পানীত সিজাই সপ্তাহত এদিন কৈ খালে স্মৰণ শক্তি যথেষ্ট বাঢ়ে। গোম ধানৰ বীজৰ গুড়া গাখীৰৰ লগত সিজাই খালে নাইবা গোম ধানৰ গুটি চোবাই খালেও স্মৰণ শক্তি যথেষ্ট বৃদ্ধি হয়।
ইয়াৰ উপৰি বেল , কাঞ্চনৰ পাত ঘিউত ভাজি খাব লাগে। পচতীয়াৰ পাত , আমলখি আদি খালেও স্মৰণ শক্তি বাঢ়ে।