আপুনি দুয়োপালি ভেকচিন লৈ ক’ভিড নহ’ব বুলি নিশ্চিত হৈ আছে নেকি ? তেতিয়া হ’লে এতিয়াৰ পৰা আপুনি অধিক সাৱধান হওঁক ৷ কিয়নো সম্পূর্ণ টীকাকৰণেও প্ৰতিৰোধ কৰিব নোৱাৰে অ’মিক্ৰনক ৷ কেন্দ্ৰীয় চৰকাৰে অ’মিক্ৰনত আক্ৰান্ত সকলৰ মাজত কৰা এক সমীক্ষাত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য ৷ ক’ভিডৰ অত্যাধিক সংক্ৰামক ভেৰিয়েণ্ট অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱা ১০ জন ব্যক্তিৰ ভিতৰত নজনকে সম্পূৰ্ণৰূপে টীকাকৰন কৰা হৈছিল ৷ দেশৰ ১৮৩ জন অ’মিক্ৰন ৰোগীক লৈ চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য ৷
শুকুৰবাৰে এই তথ্য সদৰী কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে এই মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ কেৱল ভেকচিনে পৰ্যাপ্ত নহয় ৷ তেও লগতে কয় যে মাস্ক পৰিধান আৰু কঠোৰ নিৰীক্ষণৰ মাজেৰে সংক্ৰমণৰ শৃংখলা ভাঙি দিব পাৰিলেহে ইয়াক নিয়ন্ত্ৰন কৰিব পৰা যাব ৷ শেহতীয়া এই সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ২৭ শতাংশ অ’মিক্ৰন ৰোগীৰ বিদেশ ভ্ৰমণৰ কোনো বৃত্তান্ত নাই ৷
তদুপৰি সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৮৭ জন ব্যক্তিয়ে দুয়োপালি ভেকচিন লাভ কৰিছিল ৷ ইয়াৰ ভিতৰত তিনিজনে বুষ্টাৰ শ্বটো লাভ কৰিছিল৷ ১৮৩ জন ব্যক্তিৰ ভিতৰত মাত্ৰ সাতজনলোকে এপালিও ভেকচিন লাভ কৰা নাছিল ৷ ইয়াৰে দুজনক আংশিকভাৱে টীকাকৰণ কৰা হৈছিল। কেন্দ্ৰই লগতে প্ৰকাশ কৰিছে যে সমীক্ষা কৰা লোকসকলৰ ৭৩ জনৰ টীকাকৰণৰ স্থিতি জানিব পৰা হোৱা নাই আৰু ১৬ জন টীকাকৰণৰ বাবে যোগ্য নহয়।দেশৰ ক’ভিড-১৯ টাস্ক ফ’ৰ্চৰ মুৰব্বী ড০ ভি কে পালে সতৰ্ক কৰি দিছিল যে ডেল্টাৰ তুলনাত অ’মিক্ৰনৰ সংক্ৰমণ হোৱাৰ আশংকা অধিক।