চীনত জন্মৰ হ্ৰাস পোৱাক লৈ চিন্তিত হৈ পৰিছে দেশখনৰ প্ৰশাসন ৷ যাৰ বাবে সন্তান জন্ম দিবলৈ অনুপ্ৰেৰণা দিয়াৰ বাবে ঋণ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চীনৰ এখন প্ৰদেশে ৷ উত্তৰ-পূব চীনৰ জিলিন নামৰ প্ৰদেশখনত লোৱা হৈছে এই সিদ্ধান্ত ৷ চীনত ক্ৰমাগতভাৱে জন্মৰ হ্ৰাৰ হ্ৰাস পোৱাৰ বাবেই প্ৰদেশখনত এই সিদ্ধান্ত লোৱা হৈছে ৷ বিবাহিত দম্পত্তীক প্ৰদেশখনত সন্তান জন্ম দিয়াৰ বাবে ৩১,০০০ ডলাৰ ঋন হিচাপে দিয়া হৈছে ৷
এই বছৰৰ আৰম্ভণিতে চীনৰ লোকপিয়লত প্ৰকাশ পাইছিল যে ১৯৫০ চনৰ পৰা বর্তমানলৈ দেশখনত সর্বাধিক হাৰত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে ৷ যোৱা আগষ্টত চীনে ইয়াৰ পূৰ্বৰ দুটা সন্তানৰ নিয়ম কিছু শিথিল কৰিছিল ৷ শাসকীয় কমিউনিষ্ট পাৰ্টিৰ চৰকাৰে তিনিটা –সন্তানৰ নীতিক উৎসাহিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ অনুষ্ঠিত নেচনেল পিপুলছ কংগ্ৰেছৰ (এনপিচি)ৰ এখন বৈঠকত প্ৰস্তাৱ গৃহীত হৈছিল।
উত্তৰ-পূব চীনৰ তিনিখন প্ৰদেশ ক্ৰমে জিলিন, লিয়াওনিং আৰু হেইলোংজিয়াঙত জনগাঁথনিগত সমস্যাই দেখা দি আহিছে ৷ এই প্ৰদেশ কেইখনৰ লোকসকলে কাম কৰিবলৈ আন প্ৰদেশলৈ যোৱাৰ বাবে বিবাহ অথবা পৰিয়াল পৰিকল্পনাত যথেষ্ট বিলম্ব কৰি আহিছে ৷ যাৰ বাবে জনগাঁথনিগত সমস্যাই এই প্ৰদেশকেইখনত দেখা দি আহিছে ৷ অঞ্চলটোত ২০১০ চনৰ তুলনাত ২০২০ বর্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৩ শতাংশলৈ হ্ৰাস পাইছে৷