২০২৩ চনলৈ বিশ্বৰ অৰ্থনীতিত ষষ্ঠ বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ভাৰত ৷ এই কথা এক প্ৰতিবেদন যোগে প্ৰকাশ কৰিছে বৃটেইনৰ পৰামৰ্শদাতা সংস্থা চেবৰে ৷ সংস্থাটোৰ মতে ২০২৩ বৰ্ষত ফ্ৰান্স আৰু বৃটেইনক অতিক্ৰম কৰি ভাৰতে বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতি ৰূপে পৰিগণিত হ’ব ৷ এই প্ৰতিবেদন অনুসৰি ২০২২ লৈকে ভাৰতে ফ্ৰান্সক আৰু ২০২৩ত বৃটেইনক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব৷
আনহাতে প্ৰতিবেদনখনৰ যোগেদি সংস্থটোৱে জনোৱা মতে বিশ্বৰ সৰ্ববৃহৎ অৰ্নীতি হিচাপে পৰিগণিত হ’বলৈ চীনক আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ প্ৰতিবেদনখনত উল্লেখ থকা মতে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আমেৰিকাক অতিক্ৰম কৰিবলৈ চীনক এতিয়াও আৰু বহু সময়ৰ প্ৰয়োজন হ’ব ৷ ডলাৰৰ হিচাপত ২০৩০চনলৈকেহে চীনে আমেৰিককাক অতিক্ৰমী বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হ’ব পাৰিব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ৷