উত্তৰ-পূর্বাঞ্চল পালেহি ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্ট ৷ মণিপুৰত চিনাক্ত হৈছে উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰনত আক্ৰান্ত ৰোগী ৷ এই লোকজনে শেহতীয়াকৈ তাঞ্জানিয়া ভ্ৰমণ কৰি মণিপুৰলৈ ওভতি আহিছিল ৷ তেওঁ বৰ্তমান ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে ৷ যোৱা ২১ ডিচেম্বৰত তেওঁ ক’ভিড পজিটিভ হিচাপে ধৰা পৰিছিল ৷ ইয়াৰ পাছতে তেওঁৰ নমুনা ইম্ফলৰ টাকিয়ালপাতত থকা আই বি এছ ডিলৈ জেনমি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। তেওঁৰ পৰিয়ালৰ আন তিনিজন সদস্য আক্ৰান্ত হৈছে ক’ভিডত ৷
উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি পাইছে। দিল্লীত ১৪২ জন,মহাৰাষ্ট্ৰত ১৪২ জন, কেৰালাত ৫৭ জন , গুজৰাটত ৪৯ জন আৰু ৰাজস্থানত ৪৩ জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে ৷ অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ ভিতৰত সুস্থ হৈছে ১৫১ জন । মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশত দেওবাৰে প্ৰথম অ’মিক্ৰন ৰোগী চিনাক্ত হৈছিল ৷ইফালে, অসমৰ উপৰি হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ আৰু গুজৰাট চৰকাৰে সান্ধ্য আইন বলবৎ কৰিছে। অজিৰ পৰা দিল্লীত নৈশ সান্ধ্য আইন বলবৎ হ’ব ৷