দেশত শীঘ্ৰে আৰম্ভ হ’ব ৫-জি সেৱা ৷ প্ৰথমে দেশৰ মেট্ৰ’ আৰু বৃহৎ চহৰসমূহে লাভ কৰিব ৫-জি সেৱা ৷ টেলিকমিউনিকেচন বিভাগে প্ৰকাশ কৰা অনুসৰি গুৰুগ্ৰাম, বেংগালুৰু, কলকাতা, মুম্বাই, দিল্লী, আহমেদাবাদ, হায়দৰাবাদ আৰু পুনেকে ধৰি মহানগৰী আৰু বৃহৎ চহৰসমূহে অহা বছৰৰ পৰা ৫-জি সেৱা লাভ কৰিব ৷
প্ৰকাশ পোৱা অনুসৰি চৰকাৰে ২০২২ চনৰ মাৰ্চ-এপ্ৰিলত ৫-জিৰ বাবে স্পেকট্ৰাম নিলাম অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰত বিভাগটোৱে স্পেকট্ৰাম নিলামৰ বাবে টেলিকম খণ্ডৰ নিয়ামক ‘ট্ৰাই’ৰ পৰামৰ্শ বিচাৰিছিল। ‘ট্ৰাই’য়ে অংশীদাৰসকলৰ সৈতে আলোচনা কৰি বিষয়টোৰ ওপৰত পৰামৰ্শ প্ৰদান কৰিছে ৷
এক বিবৃতিত বিভাগটোৱে কয় “৫- জি সেৱা আৰম্ভ কৰাৰ বাবে টেলিকম সেৱা প্ৰদানকাৰী সংস্থা ক্ৰমে এয়াৰটেল,ৰিলায়েন্স জিঅ’ আৰু ভোডাফোন- আইডিয়াই গুৰুগ্ৰাম, বাংগালোৰ, কলকাতা, মুম্বাই, চণ্ডিগড়, দিল্লী, জামনগৰ, আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, লক্ষ্ণৌ, পুনে, গান্ধী নগৰ চহৰত ৫- জি ট্ৰায়েল চাইট স্থাপন কৰিছে। “