১৯৭৩চনৰ পৰা ১০বছৰ কাল অসমত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এল পি সিঙে। দেশৰ কনিষ্ঠতম মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা এল পি সিং পাছলৈ ভাৰতৰ গৃহ সচিব হিচাপে ও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল।অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পাছত নৰ্থ ইষ্ট কাউন্সিল,নগা শান্তি চুক্তি, আসাম ৰাইফলছৰ সংশোধন আদিৰ ক্ষেত্ৰত লোৱা বিশেষ ভূমিকাৰ বাবে এল পি সিঙ অসমীয়াৰ মাজত এটা গুৰুত্বপূৰ্ণ নাম হৈ থাকিব।সামগ্ৰিকভাৱে এল পি সিঙৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা দিনবোৰ আৰু কাম-কাজৰ সকলো দিশ সামৰি বীৰেন বৰগোহাঞিয়ে লিখি উলিওৱা “এল পি সিঙৰ সান্নিধ্য” শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু-নিৰ্মলা ভৱনত উন্মোচন কৰা হয়।প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে গ্ৰন্থখন শুভ উন্মোচন কৰে।
গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰণৱ ভৰালী,ব্ৰিগেদিয়েৰ ৰঞ্জিত বৰঠাকুৰ আৰু দৈনিক অসমৰ প্রাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী।
প্ৰীয়ম্বদা দাসৰ জ্যোতি সংগীতেৰে আৰম্ভ হোৱা গ্ৰন্থউন্মোচনী সভাখন সঞ্চালনা কৰে সাহিত্য সমালোচক বিপুল শৰ্মাই।
আনহাতে নিজৰ উন্মোচনী ভাষণ প্ৰসংগত সাংবাদিক ৰাজগুৰুৱে এল,পি সিঙৰ দূৰদৰ্শিতা, অসম আন্দোলনৰ সময়ৰ লগতে নগা শান্তি চুক্তি স্বাক্ষৰ সন্দৰ্ভত এল পি সিঙৰ ভূমিকা সন্দৰ্ভত সাৱলীল মন্তব্য আগবঢ়াই।