২০২০ চনৰ ২৬ মাৰ্চত ঘোষণা কৰা প্ৰথমটো লকডাউনৰ পিছৰ পৰাই সমগ্ৰ দেশৰ লগতে অসমতো সাস্কৃতিক চৰ্চাৰ কেন্দ্ৰসমূহ ক্ৰমে বন্ধ হৈ পৰিছে।কৰ‘নাৰ দ্বিতীয় লহৰ অহাৰ পূৰ্বে দুই- এক সাস্কৃতিক অনুষ্ঠান পৰিৱেশন হৈছিল যদিও পুনৰ ঘোষণা কৰা লকডাউনে যেন স্তব্ধ কৰি পেলালে শিল্পীৰ পৃথিৱীখন।
সংস্কৃতি চৰ্চা অবিহনে এখন সুন্দৰ সমাজ কেতিয়াও কল্পনা কৰিব নোৱাৰি। সংস্কৃতিয়ে জাতি এটাক সমৃদ্ধ কৰে, জাতিটোৰ পৰিচয় দাঙি ধৰে।
ই এক মাধ্যম সমাজ সংগঠন কৰা বা সমাজ পৰিবৰ্তন কৰাৰ। সমাজৰ কোনো অনুষ্ঠানে অনুষ্ঠিত কৰা যি কোনো সাস্কৃতিক কৰ্মৰাজীয়ে মানুহৰ লগত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ কৰে।ফলত ইয়াৰ প্ৰভাৱ যথেষ্ট শক্তিশালী হ‘য়।
কৰ‘নাৰ এই পৰিবেশৰ মাজত কেৱল টেলিভিশ্যনত উপলব্ধ হোৱা কিছু সাংস্কৃতিক কাৰ্যসূচীহে পৰিৱেশিত হৈ আছে।সাস্কৃতিক চৰ্চাৰ পৰোক্ষ প্ৰভাৱ পৰা এনে কাৰ্যসূচী পৰ্যাপ্ত নহয় এখন সমাজৰ বাবে।শিল্পীৰ পৃথিৱীত এই সীমিত পৰিসৰৰ কামে সামৰি লব নোৱাৰে সকলো শিল্পী তথা কলা-কুশলীক ।
তেনেক্ষেত্ৰত ১০০% শিল্পীৰ ৯০ % শিল্পী আজি কৰ্মহীন।চৰম হতাশাই আৱৰি ধৰা এইসকল শিল্পীৰ জীৱন পানীত হাঁহ নচৰা এক অৱস্থা। অপেক্ষাৰো এক সীমা থাকে। কেৱল ৰৈ থাকিলই জানো পেট ভৰিব? কোনোজনে পৰিয়াল পোঁহপাল দিবলৈকে আজি আৰম্ভ কৰিছে সৰু-সুৰা ব্যৱসায় । কোনোজনে আকৌ হাতত দা-কুঠাৰ লৈ দৈনিক কাম কৰিবলৈ ওলাই গৈছে। কামৰ পৰিবেশ নথকা কৰ‘নাৰ এনে সময়ত কাম বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে বহু শিল্পী।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰথমটো লকডাউনৰ পিছতেই চৰকাৰে কিছু ধনৰ এককালীন সাহায্য আগঢ়াইছিল যদিও সেই সাহায্যই সকলো শিল্পীক সামৰি ল‘ব নোৱাৰিলে। যিহেতু অসমৰ গাঁৱে-ভূঞে সোমাই থকা সৰু-বৰ বা সকলো থলুৱা শিল্পী কলা-কুশলীক সামৰি ল’ব পৰাকৈ সেই সাহায্য পৰ্যাপ্ত নাছিল।প্ৰকৃততে কোনোখন চৰকাৰৰ বাবেই সকলো শিল্পীক সামৰি লোৱাটো সম্ভৱ নহয় বা নোৱাৰেও।এই আঁচনিয়ে মাত্ৰ ১০% শিল্পীকহে সহায় আগবঢ়াব পাৰিলে।
উল্লেখ কৰা দৰকাৰ যে কৰ‘নাই সৰ্বস্বান্ত কৰা সমাজ ব্যৱস্থাত এতিয়া জানো পুনৰ গা টঙাব পাৰিব এই সকলো সাস্কৃতিক অনুষ্ঠানে।কেৱল চাকৰি কৰা সকলৰ বাদে ব্যৱসায় –বাণিজ্য কৰা সকলোৰে আজি তথৈবচ অৱস্থা। মানুহৰ দান-বৰঙণিৰে চলা এই সামাজিক সাস্কৃতিক অনুষ্ঠানবোৰ মানুহৰ সহযোগ অবিহনে পুনৰ উজ্জীৱিত হৈ উঠিব জানো?
সৃষ্টিশীলতাই মানৱীয় জীৱনক অনন্য গতি দিয়ে।আৰু এই সৃষ্টিশীল কৰ্মৰ বাবে লাগে এখন মঞ্চ। যদি মঞ্চই নাথাকে মানুহে মানুহৰ বাবে ক‘ত মানুহৰ জয়গান গাব ? তেনেক্ষেত্ৰত কৰ’নাৰ এই ভয়ংকৰ পৰিবেশে সঁচাকৈ নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন?