প্ৰায় একৰ পৰা ডেৰ মিটাৰ ওখ হোৱা এবিধ ক’লা গাঢ় নীলা বৰণীয়া জোপোহা জাতীয় উদ্ভিদ। পাতৰ ঠাৰি যথেষ্ট দীঘল হয়। বৈজ্ঞানিক নাম Alocacia Indica Schott.
দহি কচুৰ ঔষধি গুণ –
১) দহি কচুৰ পাত , ঠাৰি আঞ্জা কৰি বা পাতত দি খোৱা হয়।ইয়াৰ কুমলীয়া থুৰো খোৱা হয়। ই যথেষ্ট পৰিপুষ্টিৰে পৰিপূৰ্ণ।
২) উখহা ৰোগীয়ে দহি কচুৰ আঞ্জা নিয়মীয়াকৈ খালে আৰোগ্য লাভ কৰে।
৩) দহি কচুৱে ফিটা পেলু নাশ কৰিব পাৰে।
৪) দহি কচুৱে ছাল নিমজ কৰে।
৫) অশৌচীয়া মাতৃৰ নাড়ী শুকুৱায়।
৬) শৰীৰত হিম’গ্লবিন বঢ়োৱাত সহায় কৰে।
৭) কোষ্ঠকাঠিন্য ৰোগত উপকাৰী।
৮) কটা – ছিঙা ঘাত পাতৰ ঠাৰিৰ আঠা লগালে তেজ ওলোৱা বন্ধ হয় । বীজানু নাশ কৰে আৰু ঘাঁ শুকুৱায়।
৯) প্ৰমেহ আৰু গ্ৰহণী ৰোগ নাশক।
১০) কচুৰ ঠাৰিৰ আঞ্জাই গৰল ৰোগ প্ৰতিৰোধ কৰে।