উদুলি-মুদুলি চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰ।বুধবাৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা।প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে প্ৰথমবাৰলৈ আয়োজন কৰিছে অসম গ্ৰন্থমেলা।মঙলবাৰে গ্ৰন্থমেলাখনৰ সন্দৰ্ভত আয়োজক সমিতিয়ে যৌথভাৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত এক সংবাদমেল আয়োজন কৰে।উক্ত সংবাদমেলত ১২দিনীয়া গ্ৰন্থমেলা কাৰ্যক্ৰমণিকা মুকলি কৰে।অসম গ্ৰন্থমেলা উদ্বোধনী সভা সভাপতি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু।
বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, লেখক লীলাধৰ মাণ্ডলই উপস্থিত থাকিব।সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত।এই কথা জনাই পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
আনহাতে, ৩০ডিচেম্বৰত অসম গ্ৰন্থমেলাৰ মূল কাৰ্যসূচী আৰম্ভৰ প্ৰাক মুহূৰ্তত জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনক সম্বৰ্ধনা জনাব বুলিও জানিবলৈ দিয়ে কলিতাই।
উল্লেখ্য গ্ৰন্থমেলাৰ প্ৰত্যেক দিনাই সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰখাৰ কথা আজি সংবাদমেলত জানিবলৈ দিয়ে।
৯ জানুৱাৰীৰ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব জ্ঞানপীঠ বঁটাৰে সন্মানিত গোৱাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজো আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো।
গুৰুত্বপূৰ্ণ কথা যে বৰ্তমানলৈ প্ৰায় ১৫০টাকৈ প্ৰকাশক গোষ্ঠীয়ে গ্ৰন্থমেলাত অংশগ্ৰহণ চূড়ান্ত কৰিছে।অসমৰ বাহিৰেও ঢাকা, দিল্লী আৰু কলিকতাৰ বহুকেইটা প্ৰকাশক গোষ্ঠীয়ে অংশ লোৱাৰ কথা জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।
পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী য়ে কয়- চলিত বছৰত প্ৰায় ৩শৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে।সকলো নতুন গ্ৰন্থ উপলব্ধ হ’ব গ্ৰন্থমেলাত।
আনহাতে, ৰাজ্যৰ ৭জনকৈ বিশিষ্ট ব্যক্তিক সোঁৱৰণ কৰি গ্ৰন্থমেলাৰ বিপনী শাৰীসমূহৰ নামাকৰণ কৰা বুলি সচিব কলিতাই জানিব দিয়ে।