বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ সংক্ৰমন দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ক’ভিডৰ সর্বাধিক সংক্ৰমন ঘটা পৰিলক্ষিত হৈছে মার্কিন যুক্তৰাষ্ট্ৰত ৷ বিগত ২৪ ঘণ্টাত মার্কিন যুক্তৰাষ্ট্ৰত সর্বাধিক ৫,১২,০০০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ক’ভিড মহামাৰীৰ আৰম্ভনিৰ সময়ৰ পৰা বর্তমানলৈ দেশখনত এদিনতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা হিচাপত এয়া হৈছে সর্বাধিক ৷ দেশখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৫৪ নি্যুতৰো অধিক ৷
জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত ক’ভিডত দেশখনত প্ৰায় ১,৭৬২ জন ৰোগীৰ মৃত্যু হৈছে ৷ ইয়াৰ পূর্বে দেশখনত এদিনতে সৰ্বাধিক আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ২,৯৪,০১৫ জন ৷ বিগত বর্ষৰ ৪ জানুৱাৰীত আক্ৰান্ত হৈছিল এই লোকসকল ৷ আমেৰিকা বিগত সাত দিনৰ ভিতৰত গড় হিচাপত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২,৫৩,২৪৫ জন ৷ ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ বাবে দেশখনত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমন ৷ আক্ৰান্তসকলৰ ৫৮.৬ শতাংশই অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৷ কেলিফৰ্নিয়া, নিউয়ৰ্কত বৰ্তমান সর্বাধিক লোক আক্ৰান্ত হৈছে ৷