মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ গোচৰত অভিযোগনামা দাখিল কৰিছে এনফর্চমেণ্ট সঞ্চালকালয়ে ৷ আজি মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী দেশমুখৰ বিৰুদ্ধে সংশ্লিষ্ট আদালতত এনফর্চমেণ্টে ৭,০০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামাখন দাখিল কৰে ৷ এনফর্চমেণ্টে দেশমুখক অভিযোগনামাত মুখ্য অভিযুক্ত হিচাপে উল্লেখ কৰিছে ৷ তদুপৰি দেশমুখৰ দুই পুত্ৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে অভিযোগনামাত ৷ যোৱা ২ নৱেম্বৰত এনফর্চমেণ্টে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন গৃহ মন্ত্ৰীজন বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।
কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)-এ যোৱা ২১ এপ্ৰিলত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতাজনৰ বিৰুদ্ধে দুৰ্নীতি আৰু চৰকাৰী পদৰ অপব্যৱহাৰৰ অভিযোগত এজাহাৰ দাখিল কৰাৰ পিছত এনফর্চমেণ্টে দেশমুখ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।
এনফর্চমেণ্টে অভিযোগ কৰিছিল যে দেশমুখে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত মুম্বাইৰ বিভিন্ন বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা ৪.৭০ কোটি টকা সংগ্ৰহ কৰিছিল ৷