আধুনিক অসমীয়া কাব্য জগতৰ অন্যতম শ্ৰেষ্ঠ কবি একেধাৰে গীতিকাৰ , ঔপন্যাসিক , শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত নগাও জিলাৰ ডিবৰুত। অসমীয়া সাহিত্যত এখুদ ককাইদেউ হিচাপে পৰিচিত নৱকান্ত বৰুৱাৰ দেউতাকৰ নাম আছিল নীলকান্ত বৰুৱা আৰু মাকৰ নাম আছিল স্বৰ্ণলতা বৰুৱানী।
আধুনিক কবিতাৰ এজন বাটকটীয়া হ’ল নৱকান্ত বৰুৱা। চল্লিশৰ শেষৰ ফালে কাব্য স্ৰষ্টাৰূপে আত্মপ্ৰকাশ কৰা কবিগৰাকীৰ সত্তৰৰ দশকৰ শেষলৈকে প্ৰায় ছখন কবিতাৰ পুথি প্ৰকাশ পাইছে। পুথি কেইখন হ’ল – ‘হে অৰণ্য , হে মহানগৰ ‘, ‘এটি দুটি এঘাৰটি তৰা’ , ‘ছবি আৰু স্কেচ্ছ’ , ‘সম্ৰাট’ , ‘ৰাৱন’ , ‘মোৰ আৰু পৃথিৱীৰ’ ।
নৱকান্ত বৰুৱাই ৰচনা কৰা উপন্যাস কেইখন হ’ল -‘কপিলীপৰীয়া সাধু’ , ‘ককাদেউতাৰ হাড়’ ,’গড়মা কুৱঁৰী’ , ‘মানুহ আটাইবোৰ দ্বীপ’ , ‘পটাচৰা’, ‘অপদাৰ্থ’ আৰু ‘অহিংসাৰ জুই'(অসমাপ্ত)।তেখেতৰ অন্যান্য গ্ৰন্থ সমূহ হ’ল- ‘অসমীয়া ছন্দশিল্পৰ ভূমিকা ‘, ‘শিয়ালী পালেগৈ ৰতনপূৰ’ , ‘আখৰৰ জখলা’ , ‘মনৰ খবৰ’ , ‘ভ’ ওকাৰে ভু’, আৰু ‘জনা -নজনাৰ খেল’।
নৱকান্ত বৰুৱাৰ বিখ্যাত কবিতা কেইটামান হ’ল-মনত পৰেনে অৰুন্ধতি , ইয়াত নদী আছিল , পলস , মহাকাব্যৰ পাণ্ডুলিপি ।
‘এখুদ ককাইদেউ ‘ ছদ্ম নামেৰে লেখা মেলা কৰি অসমীয়া শিশু সাহিত্য চহকী কৰা নৱকান্ত বৰুৱা এগৰাকী প্ৰখ্যাত ঔপন্যাসিক । ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ১৯৭৫ চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। ১৯৭৪ চনত ‘মোৰ আৰু পৃথিৱীৰ’ গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা , ১৯৭৬ চনত পদ্মভূষন সন্মান , ১৯৯৩ চনত ‘অসম উপত্যকা’ বঁটা লাভ কৰে।
“বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে ,অৰুন্ধতী?
সেমেকা পোহৰে সোৱঁৰাই দিয়া
তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ
মনত পৰেনে,অৰুন্ধতী?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে,অৰুন্ধতী?
দূবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতো
সিযে কি শান্তি!
অৰুন্ধতী!
অৰুন্ধতী!”
আধুনিকতাবাদ আৰু প্ৰতীকবাদৰ বোকোচাত উঠি পাঠকৰ বুকুৰ মাজত সোমাই পৰা আজন্ম কবি শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱৰ ওপজা দিনত তেওঁৰেই চিৰসেউজ কবিতা এফাকিৰে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।