নিৰাপত্তা বাহিনীক ব্যাপক ক্ষমতা প্ৰদান কৰা বিতৰ্কিত আইন সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পাৰ ম্যাদ নাগালেণ্ডত পুনৰ ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে ৷ কিছুদিন পূর্বে মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত ১৪ জনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতে এই আইন বাতিল কৰিবলৈ সমগ্ৰ উত্তৰ-পূর্বাঞ্চলত দাবী উত্থাপন হৈছিল ৷ আনকি নাগালেণ্ড চৰকাৰে কেবিনেট আৰু বিধানসভাত আফস্পাৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে ৷ ঠায়ে ঠায়ে আফস্পা বাতিলৰ দাবীত প্ৰতিবাদী কার্যসূচীও ৰূপায়ন কৰা হৈছে ৷ ইয়াৰ মাজতে পুনৰ আফস্পাৰ ম্যাদ বৃদ্ধি কৰিবলৈ কেন্দ্ৰই লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত সামৰিক বাহিনীক “অশান্ত এলেকা” হিচাপে ঘোষণা কৰা যিকোনো স্থানত অপৰিসীম ক্ষমতা প্ৰদান কৰা হয় ৷ কেন্দ্ৰৰ অনুমোদন অবিহনে এই আইন বলবৎ থকা অঞ্চলত কোনো সামৰিক বাহিনীৰ বিৰুদ্ধে মোকৰ্দমা চলাব নোৱাৰে ৷ অৱশ্যে শেহতীয়া পৰিস্থিতিৰ পাছতে নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ সর্ন্দ্ভত পৰীক্ষা কৰাৰ বাবে এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছে কেন্দ্ৰই ৷ নাগালেণ্ডত কেইবা বছৰ ধৰি প্ৰতি ছয় মাহৰ মুৰে মুৰে অফস্পাৰ ম্যাদ বৃদ্ধি কৰি আহিছে চৰকাৰে