যদি আপুনি দৈনিক পানীত তিয়াই থোৱা কিচমিচ খোৱাৰ অভ্যাস কৰে তেন্তে আপুনি বহুকেইটা বেমাৰৰ পৰা বাছি থাকিব পাৰিব।
মাত্ৰ ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচ ৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক । যিহেতু তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম , মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে। এই সকলোকেইটা উপাদানেই মানুহৰ শৰীৰটো সু স্বাস্থ্যৱান কৰি ৰখাত অভূতপূৰ্ব সহায় কৰে।
প্ৰথম কথা ই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক অন্য ভাইৰাছ আৰু বেক্টেৰিয়াৰ সৈতে যুঁজি থাকিব পৰাকৈ সৱল কৰি ৰাখে।
দ্বিতীয়তে ই উচ্চ ৰক্তচাপ আৰু হাইপাৰ টেনশ্যন হ্ৰাস কৰে।ইয়াত থকা পটাছিয়ামৰ উপাদানে মানুহক উচ্চ ৰক্তচাপৰ পৰা মুক্ত কৰি হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বচাই ৰখাত সহায় কৰে।
তৃতীয়তে কিচমিচে মানুহৰ শৰীৰত তেজ বৃদ্ধি কৰে।কাৰণ কিচমিচ হৈছে আইৰণৰ প্ৰধান উৎস।লগতে ইয়াত ভিটামিন বি কমপ্লেক্সে তেজ গঠন হোৱাত সহায় কৰে।অকল সেয়াই নহ‘য় ইয়াত থকা কপাৰে তেজৰ কণিকা গঠন কৰি তেজৰ পৰিমাণ বৃদ্ধি কৰে।
চতুৰ্থতে তিয়াই থোৱা কিচমিচে মানুহৰ শৰীৰত হজম শক্তি বৃদ্ধি কৰে। আচলতে কিচমিচত থকা আঁহে মানুহৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে।যি সকল লোকে হজমৰ সমস্যাত ভুগি আছে তেওঁলোকে দৈনিক তিয়াই থোৱা কিচমিচৰ সৈতে পানী গিলাচ খোৱাৰ অভ্যাস কৰিলে হজমৰ সমস্যাৰ পৰা সম্পূৰ্নৰূপে পৰিত্ৰাণ পাব পাৰে।
অৱশ্যে ডায়বেটিক ৰোগীয়ে কিচমিচ খোৱাটো অপকাৰী। তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়ে কিচমিচ খোৱা উচিত।