কালি নিশা পুৰণি শৰাইঘাট দলঙত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷দুৰ্ঘটনাৰ ফলত দলঙত বাগৰি পৰে চাউল ভৰ্তি ট্ৰাকখন ৷ দুৰ্ঘটনাত ট্ৰাকখনৰ চালক মন্তাজ আলি কিছু পৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে ৷
জানিবপৰা মতে নিশা প্ৰায় ৭বজাত আমিনগাওঁ-জালুকবাৰী অভিমুখী AS01U1735 নম্বৰৰ চাউলভৰ্তি ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই পুৰণি শৰাইঘাট দলং খনৰ ৰেলিঙত খুন্দা মাৰি বাগৰি পৰে ৷উক্ত ঘটনাৰ খবৰ পাই জালুকবাৰী যান-বাহন আৰক্ষী ততাতৈয়াকৈ ঘটনা স্থলীত উপস্থিত হয় আৰু ট্ৰাকখনৰ চালক মন্তাজ আলিক আয়ুৰ্বেদিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীয়ে পুৰণি শৰাইঘাট দলংখনৰ যাতায়ত সম্পূৰ্নৰূপে বন্ধ কৰি দিয়াৰ বাবে ব্যাপক যান-জঁটৰ সৃ্ষ্টি হয় ৷ অৱশেষত জালুকবাৰী যান-বাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙেৰে যান-বাহন সমূহ যাবলৈ দিয়াত যান-জঁট নিয়ন্ত্ৰিত হয় ৷