ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত অসম গণ পৰিষদৰ আমবাৰীস্থিত মূখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় সাংবাদিকৰে মত বিনিময় শীর্ষক অনুষ্ঠান।দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে শীর্ষ নেতাসকল উপস্থিত থাকে অনুষ্ঠানত।
উল্লেখ্য ২০২২বৰ্ষত আঞ্চলিক ৰাজনৈতিক দলটোৱে ২৫ লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।এই কথা জনাই সভাপতি অতুল বৰাই।মাঘ বিহুৰ পাছতেই আনুষ্ঠানিক সদস্য ভৰ্তি অভিযান আৰম্ভ হ’ব বুলি লগতে তেওঁ কয়।
সমগ্ৰ অসমবাসীক ইংৰাজী নৱবর্ষৰ শুভেচ্ছা জনাই সভাপতি বৰাই।
আনহাতে মন্ত্ৰী বৰাই পশুপালন আৰু দুগ্ধ উৎপাদনত আগন্তুক বৰ্ষত অধিক গুৰুত্ব আৰোপ কৰিব বুলি কয়।দৈনিক ১০লাখ লিটাৰ গাখীৰ অসমত উৎপাদন কৰাৰ লক্ষ্য লোৱা বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যত অসমক অন্তৰ্ভুক্ত কৰাৰ সপোন বাস্তৱত ৰূপায়ণৰ বাবে-কৃষি অৰ্থনীতি মজবুত কৰাৰ ওপৰত মন্ত্ৰী বৰাই গুৰুত্ব আৰোপ কৰিব বুলিও কয়।
ইয়াৰ উপৰিও অসম চুক্তি মন্ত্ৰী হিচাপে তেওঁ কয়- অসম চুক্তি ৰূপায়ণৰ ৰোড মেপ প্ৰস্তুত কৰা হৈছে।সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্ব দিছে।
আনহাতে মত-বিনিময় অনুষ্ঠানত কাৰ্যকৰি সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই- ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। কৰ’নাৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’ণৰ সৈতে যুজঁ দিবলৈ স্বাস্থ্য বিভাগ সাজু হোৱাৰ কথা তেওঁ কয়। লগতে এই নতুন ভেৰিয়েন্ট পৰীক্ষা কৰাৰ বাবে গুৱাহাটীত লেব স্থাপন কৰা হব বুলি কয়।