নতুন বছৰটোৰ আৰম্ভনিৰ দিননটোৰ পৰাই দেশৰ ৬ হেজাৰ এন জি অ’ই নাপাব বিদেশী পুজিঁ ৷ আজিৰ পৰা বিদেশী পুজিঁ বন্ধ হ’বলগীয়া এন জি অ’ সমূহৰ ভিতৰত আছে অক্সফেম ইণ্ডিয়া, জামিয়া মিলিয়া ইছলামিয়া,ইণ্ডিয়ান ইয়ুথ চেণ্টাৰ ট্ৰাষ্ট, যক্ষ্মা সংস্থা অফ ইণ্ডিয়া আদিৰ দৰে সংস্থা ৷ এই সংস্থাসমূহৰ বিদেশী অনুদান (নিয়ন্ত্ৰন) আইন চমুকৈ এফচিআৰএ পঞ্জীয়ন সমাপ্ত হৈছে ৷ তেওঁলোকৰ পুনৰ পঞ্জীয়নৰ আবেদন নৱীকৰণ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অস্বীকাৰ কৰিছে অথবা তেওঁলোকে ইয়াৰ বাবে আবেদন নকৰাৰ বাবে পুজিঁ আৱণ্টন লাভ এতিয়াৰে পৰা লাভ নকৰিব ৷ উল্লেখ্য যে ২০২০ বর্ষৰ ২৯ ছেপ্টেম্বৰ আৰু যোৱা ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি গৈছিল ৷ কিন্তু পৰৱর্তী এই বেচৰকাৰী সংস্থা সমূহৰ এফচিআৰএ পঞ্জীয়নৰ বৈধতা যোৱা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।
লক্ষণীয় যে বিদেশী পুঁজি লাভ কৰাৰ বাবে এফচিআৰএৰ অধীনত পঞ্জীয়ন কৰাটো বাধ্যতামূলক । যিসমূহ বেচৰকাৰী সংস্থাইৰ ম্যাদ উকলি যোৱা সময়ৰ ছয় মাহৰ ভিতৰত আবেদন কৰা অথবা নৱীকৰণৰ অৱেদন অস্বীকাৰ কৰা হোৱা নাই সেই সংস্থাসমূহৰ বৈধতা অহা ৩১ মার্চলৈ বৃদ্ধি কৰা হৈছে ৷ শুকুৰবাৰ পর্যন্ত বিদেশী পুজিঁ লাভ কৰা মুঠ সংস্থাৰ সংখ্যা ২২,৭৬২ টা ৷ কিন্তু আজিৰ পৰা এই সংখ্যা ১৬,৮২৯ টালৈ হ্ৰাস পাইছে ৷