গুৱাহাটী, ২ জানুৱাৰী: অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৫৫ সংখ্যক জন্মদিৱসটি আজি অসম জাতীয় পৰিষদে পালন কৰি জাতীয় দিকদৰ্শকগৰাকীক স্মৰণ কৰে৷ দলৰ গুৱাহাটীৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত এই উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত অসমকেশৰীৰ প্ৰতিচ্ছবিত চাকি জ্বলাই মাল্যাৰ্পন কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ জাতীয় পৰিষদৰ কামৰূপ (মহানগৰ) জিলা সমিতিৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত ভাষণ দি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ চিন্তা-চেতনাই অসমীয়া জাতীয়বাদী আন্দোলনৰ ভেটিত শক্তিৰ সঞ্চাৰ কৰি গৈছে আৰু সেয়ে তেখেতক বাদ দি অসমীয়া জাতীয়তাবাদৰ ইতিহাস পৰিপূৰ্ণ হ’ব নোৱাৰে৷ জাতীয়তাবাদী সংগ্ৰামৰ অন্যতম বাটকটীয়া এইগৰাকী মনিষীৰ জন্মদিৱসটি জাতীয় পৰিষদে প্ৰতিবছৰে উলহ-মালহেৰে পালন কৰি তেখেতৰ আদৰ্শ আৰু চিন্তা-চেতনাৰ বিস্তাৰ সাধনৰ প্ৰয়াস চলাই যাব৷ আজিৰ অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞ আৰু দলৰ কামৰুপ মহানগৰ সিমিতিৰ সভাপতি সঞ্জীব বৰাকে ধৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী নেতা তথা বিষয়ববীয়া উপস্থিত আছিল৷