দেশত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক’ভিডৰ সংক্ৰমন ৷ সোমবাৰে ৩৩,৭৫০ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ তদুপৰি বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১২৩ জন লোকৰ ৷ অৱশ্যে এই সময়ছোৱাত ক’ভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ১০,৮৪৬ জন ৷ বর্তমান দেশত চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১,৪৫,৫৮২ জন ৷
আনহাতে ক’ভিডৰ অতি সংক্ৰামক ভেৰিয়েণ্ট অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৭০০ জন ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াৰে ৬৩৯ জন লোক আৰোগ্য হৈছে ৷ মহাৰাষ্ট্ৰত সর্বাধিক ৫১০ জন অমিক্ৰনত আক্ৰান্ত হৈছে ৷ মহাৰাষ্ট্ৰৰ পাছতে অমিক্ৰনত দিল্লীত ৩৫১ জন লোক আক্ৰান্ত হৈছে ৷
ক’ভিডৰ সংক্ৰমন বৃদ্ধি হোৱাৰ লগে লগে মাইক্ৰ’ কণ্টেইনমেণ্ট জ’নৰ সংখ্যা বৃদ্ধি হৈছে আৰু ৰাজ্য চৰকাৰসমূহে নতুন নতুন নির্দেশনা জাৰি কৰিছে৷ সম্প্ৰতি দিল্লীত ৩,১৯৪ জন, মুম্বাইত ৮,০৬৩ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ তদুপৰি কলকাতাত মুঠ ৩,১৯৪ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ অৱশ্যে দিল্লী আৰু মুম্বাইত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা যথেষ্ট কম ৷
আনহাতে আজিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ –কিশোৰীক ক’ভিড টীকাকৰণ প্ৰক্ৰিয়া ৷ ভাৰত বায়োটেকৰ ক’ভাক্সিন কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা হৈছে ৷ ২৮ দিনৰ মুৰত তেওঁলোকে দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হ’ব ৷