উন্নয়নৰ বতৰা লৈ মঙলবাৰে মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দুয়োখন ৰাজ্যত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মোদীয়ে ইম্ফলত ৪,৮০০ কোটি টকা ব্যয় সাপেক্ষে নির্মান কৰিবলগীয়া ২২ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ আনহাতে আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব ৷ তদুপৰি তেওঁ আন দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব।
উল্লেখ্য যে মণিপুৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ১,৮৫০ কোটি টকাৰ ১৩ টা প্ৰকল্প উদ্বোধন কৰিব আৰু প্ৰায় ২,৯৫০ কোটি টকাৰ নটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ হৈছে পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, আৰু কলা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডৰ বুলি জানিব পৰা গৈছে ৷ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ১,৭০০ কোটি ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলাও প্ৰধানমন্ত্ৰী গৰাকীয়ে স্থাপন কৰিব ৷
ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব ৷ একে সময়তে “মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছন ১০০”ৰ দৰে গুৰুত্বপূর্ণ প্ৰকল্পৰো তেওঁ শুভাৰম্ভনি কৰিব ৷