এজন মানুহক সু স্বাস্থ্যৰ গৰাকী হ‘বলৈ লাগে পৰ্যাপ্ত টোপনি। অৰ্থাৎ মানুহক শাৰীৰিক মানসিক শক্তি যোগান ধৰা প্ৰধান ঔষধ বিধেই হৈছে টোপনি। পৰ্যাপ্ত টোপনিয়ে মানুহক শাৰীৰিক মানসিক অৱসাদ দূৰ কৰি সুস্থ –সৱল কৰি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অৱশ্যে এজন মানুহ কিমান সময় শুৱ লাগে সেইয়া নিৰ্ভৰ কৰে মানুহজনৰ বয়সৰ ওপৰত । যিহেতু বয়স অনুপাতে মানুহৰ টোপনি যোৱা সময় বেলেগ বেলেগ হ‘য়।
সাধাৰণতে এটা নৱজাতক শিশু জন্ম হোৱা দিন ধৰি তিনি মাহলৈ ১৪ ঘন্টাৰ পৰা ১৭ ঘন্টা পৰ্যন্ত শুৱ লাগে। একেদৰে চাৰি মাহৰ পৰা এঘাৰ মাহলৈ কমেও ১২ ঘন্টাৰ পৰা ১৫ ঘন্টা শুৱলৈ দিব লাগে।
এবছৰৰ পৰা দুবছৰীয়া শিশুক ১১ ৰ পৰা ১৪ ঘন্টাৰ লগতে তিনিৰ পৰা পাঁচ বছৰৰ শিশুক ১০ ৰ পৰা ১৩ ঘন্টা পৰ্যন্ত শুৱলৈ দিব লাগে।একেদৰে ছয় ৰ পৰা তেৰ বছৰীয়া শিশুটি ৯ ৰ পৰা ১১ ঘন্টা শুৱাটো খুবেই প্ৰয়োজন।
কিশোৰ-কিশোৰীৰ ক্ষেত্ৰতো টোপনি যোৱাৰ সময় বেলেগ হ‘য়। সাধাৰণতে বাৰ বছৰৰ পৰা সোতৰ বছৰ বয়সৰ কিশোৰ –কিশোৰীয়ে কমেও ৮ ৰ পৰা ১০ ঘন্টা সময় শুৱ লাগে।
আকৌ এজন ওঠৰৰ পৰা চৌৱিছ বছৰৰ পূৰ্ণ বয়স্ক লোকে দৈনিক ৭ৰ পৰা ৯ ঘন্টা পৰ্যন্ত শুৱ লাগে।
একেদৰে পচিছৰ পৰা চৌষষ্ঠি বছৰৰ এজন প্ৰাপ্তবয়স্ক লোকে কমেও ৭ ৰ পৰা ৯ ঘন্টা শুৱাটো অতিকৈ প্ৰয়োজনীয়। যিহেতু এই বয়সৰ লোকৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা লাহে লাহে কমি আহিবলৈ ধৰে । আৰু পৰ্যাপ্ত টোপনিয়ে মানুহজনক ৰোগৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে।
সাধাৰণতে পঁয়ষষ্ঠি বছৰৰ বয়সৰ ওপৰৰ লোকক বৃদ্ধ বুলি ধৰি লোৱা হয়। এইটো বয়সত মানুহে জীৱনৰ বিয়লি বেলাত খোজ দিয়ে।সকলো সময়তে অধিক সক্ৰিয় হৈ চলা এই বয়সৰ লোক সকলে প্ৰত্যেক সময়তে খোৱা-বোৱাৰ পৰা সকলো কাম নিয়মমতে কৰিব লাগে। গতিকে এজন বৃদ্ধ বয়সৰ লোকে দৈনিক ৭ ৰ পৰা ৮ ঘন্টা শুৱাটো নিতান্তই প্ৰয়োজনীয়। অন্যথা তেওঁ কোনো ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ।
টোপনি ভালকৈ নহাতো কোনো এক ৰোগৰ লক্ষণ । তেনেক্ষেত্ৰত সময়সূচী মানি প্ৰতিজন মানুহে একে সময়তে টোপনি যাবলৈ চেষ্টা কৰিব লাগে। উল্লেখ কৰা দৰকাৰ যে কোনো লোকৰ যদি ৰাতি টোপনি নাহে, তেওঁলোকে কেতিয়াও দিনত শুৱাৰ অভ্যাস কৰিব নালাগে। যিহেতু আমি জনা উচিত ৰাতিৰ টোপনিয়েহে মানুহক গভীৰ নিদ্ৰা প্ৰদান কৰে।
একেসময়তে শুৱা আৰু উঠা দুয়োটাই টোপনিৰ অভ্যাস গঠন কৰাত সহায় কৰে ।লগতে যিসকলে মদ্যপান বা চিগাৰেট সেৱন কৰে তেওঁলোকে পাৰিলে এই অভ্যাস এৰিবলৈ চেষ্টা কৰিব লাগে। যিহেতু এই অভ্যাসে মানুহৰ টোপনি হ্ৰাস কৰে। যদি নোৱাৰে তেন্তে টোপনি যোৱাৰ চাৰি ঘন্টাৰ আগত এই কাম শেষ কৰিব লাগে।
সাধাৰণতে ৰাতি মানুহে কমকৈ খাব লাগে। কাৰণ গুৰু ভোজনে মানুহৰ টোপনি হ্ৰাস কৰে। লগতে এটা কথা সদায় মনত ৰখা দৰকাৰ যে শুৱলৈ যোৱাৰ দুঘন্টাৰ আগত আহাৰ গ্ৰহণ কৰিব লাগে।বা শুৱলৈ যোৱাৰ আগত কমেও ১০ মিনিট হলেও খোজ কাঢ়িব লাগে। এই অভ্যাসেও মানুহৰ ভাল টোপনি অহাত সহায় কৰে। এইসমূহ কৰাৰ লগতে এটা সু-স্বাস্থ্যৰ অধিকাৰী হবলৈ মানুহে দৈনিক যোগাসন বা ব্যায়াম কৰাটো নিতান্তই আৱশ্যক ।