ক’ভিড ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টে প্ৰাকৃতিক প্ৰতিষেধকৰ দৰে কাম কৰে বুলি একাংশ দায়িত্বহীন লোকে চলোৱা প্ৰচাৰ এক “বিপদজনক ধাৰণা” বুলি অভিহিত কৰাৰ লগে লগে এই ধাৰণা নাকচ কৰিছে বিশেষজ্ঞমহলে ৷ ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ মধ্যমীয়া লক্ষণ আৰু কমসংখ্যক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ উপৰি মৃত্যুৰ সংখ্যা কম হোৱাৰ বাবে কিছুসংখ্যক লোকৰ মনত এই ভেৰিয়েণ্টে প্ৰাকৃতিক প্ৰতিষেধকৰ দৰে কাম কৰে বুলি ধাৰণাৰ সৃ্ষ্টি হৈছে ৷ মহাৰাষ্ট্ৰৰ এজন স্বাস্থ্য বিষয়াই শেহতীয়াকৈ প্ৰকাশ কৰিছিল যে অমিক্ৰন ভেৰিয়েণ্ট ডেল্টাতকৈ অত্যাধিক সংক্ৰামক কিন্তু কমসংখ্যক লোককহে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মহাৰা্ষ্ট্ৰৰ ৰাজ্যিক নিৰীক্ষণ বিষয়া ড০ প্ৰদীপ আৱাটে সংবাদ মাধ্যমক কয় “আমি আশা কৰোঁ যে এই ধাৰা অব্যাহত থাকিব। যদি এই ধাৰা অব্যাহত থাকে তেনেহলে অমিক্ৰনে প্ৰাকৃতিক টীকাকৰণ হিচাপে কাম কৰিব পাৰে আৰু ক’ভিডক স্থানীয় পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব পাৰে ৷ ”
এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খ্যাতনামা ভাইৰলজিষ্ট শ্বাহিদ জামিলে এয়া দায়িত্বহীন লোকৰ দ্বাৰা বিয়পাই দিয়া এটা বিপদজনক ধাৰণা বুলি কয় । জামিলে লগতে কয় যে প্ৰাকৃতিক ভেকছিন তত্ত্ব প্ৰচাৰ কৰা সকলে ক’ভিডৰ দীঘলীয়া প্ৰভাৱৰ বিষয়ে চিন্তা নকৰে ৷ তেওঁ এইবুলিও কয়, “বিশেষকৈ পুষ্টিহীনতা, বায়ু প্ৰদূষণ আৰু ডায়েবেটিচ আদিৰ দৰে সমস্যাই ভাৰাক্ৰান্ত কৰি ৰখা ভাৰতৰ দৰে দেশত আপুনি ভালদৰে নজনা এটা ভাইৰাছৰ সংস্পৰ্শলৈ সাধাৰণ লোকসকলক আহিবলৈ দিয়াতো কেতিয়াও বিজ্ঞান আৰু জনস্বাস্থ্যৰ প্ৰতি ভাল নহয় ৷ “
ভাৰতীয় পাব্লিক হেল্থ ফাউণ্ডেশ্যনৰ লাইফকোৰ্চ এপিডেমিলজীৰ মুৰব্বী গিৰিধাৰা আৰ বাবুয়ে লোকসকলক এই ভুল তথ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই কয় যে অমিক্ৰন সংক্ৰমনৰ ফলত ৰোগীৰ মৃত্যু হৈছে আৰু চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে।তেওঁ কয় “টীকাকৰণৰ তুলনাত প্ৰাকৃতিক সংক্ৰমণে লোকসকলক যিকোনো প্ৰকাৰৰ ভেৰিয়েণ্টৰ পৰা সুৰক্ষা দিব নোৱাৰে ৷ একাংশই ক’ব বিচাৰে যে অমিক্ৰনে হার্ড ইমিউনিটি গঢ়ি তুলিব পাৰে ৷ কিন্তু প্ৰমাণহে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ, মতামত নহয় ৷ ”