দেশৰ ৰাজধানী চহৰ দিল্লীৰ মুখ্যমন্ত্ৰী বৰ্তমান হোম আইচলেশ্যনত ৷ দেহত কৰোণাৰ সামান্য লক্ষণ ধৰা পৰাৰ লগে লগে তেওঁ হোম আইচলেশ্যনত থকাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
সমগ্ৰ বিশ্বব্যাপী পুনৰ আৰম্ভ হৈছে কৰোণাৰ নতুন ভেৰিয়েণ্টৰ সংহাৰী ৰূপ ৷ বিগত দহ দিনতে ভাৰতবৰ্ষতো অস্বাভাৱিক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা ৷কৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ এতিয়ালৈকে বিয়পিছে দেশৰ প্ৰায় ২৩খন ৰাজ্যলৈ ৷
শেহতীয়া খবৰ অনুসৰি কৰোণাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ দেহত কৰোণাৰ সামান্য লক্ষণ ধৰা পৰাৰ লগে লগেই হোম আইচলেশ্যনত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ৷ দেশৰ এক বহুল প্ৰচাৰিত সামাজিক মাধ্যম টুইটাৰ যোগে তেওঁ শেহতীয়াকৈ এই কথা জানিবলৈ দিছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে অতি শীঘ্ৰেই কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে