বৰ্তমান সময়ত সমগ্ৰ বিশ্বই ক’ভিড-১৯ ৰ সৈতে যুদ্ধত নামি পৰিছে । তথাপি যেন কোনো ভাগৰি পৰা নাই । এই ৰোগক বাধা দিবলৈ সকলো প্ৰকাৰে চেষ্টা জাৰি ৰখা হৈছে । ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰু আক্ৰান্ত হৈ থকা সময়খিনিত শৰীৰটোক ভালদৰে ৰাখিবৰ বাবে সদায় নতুন নতুন তথ্য উদ্ঘাটন হৈ আছে ।
কিন্তু ক’ভিডৰ দ্বিতীয় ঢৌয়ে ব্যাপক ৰূপত গা কৰি উঠা এই সময়ত,ক’ভিড-১৯ হোৱাৰ পিছৰ সময়খিনিহে বেচি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।ক’ভিড -১৯ ত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পাচতো ৰোগী আকৌ অসুস্থ হৈ পৰা দেখা পোৱা গৈছে । সেইবাবে নিগেটিভ ৰিপোৰ্ট অহাৰ পাচত একেবাৰেই নিশ্চিন্ত হৈ নাথাকি শৰীৰৰ কিছুমান পৰীক্ষা কৰোৱা প্ৰয়োজন।
- ক’ভিড-১৯ হোৱাৰ পাচত যিকোনো লোকে হৃদযন্ত্ৰৰ পৰীক্ষা কৰোৱা অতি দৰকাৰ। প্ৰথমৰ পৰাই হৃদৰোগৰ সমস্যা থকা লোকসকলৰ শৰীৰত ক’ভিডৰ প্ৰভাৱ বেছি ভয়ংকৰ হয় । এই সমস্যা থকা লোক ক’ভিডত আক্ৰান্ত হ’লে শৰীৰৰ কিছুমান নিৰ্দিষ্ট ঠাইত মাংসপেশী ফুলি উঠাৰ সম্ভাৱনা থাকে।যাৰ ফলত হৃদযন্ত্ৰৰ চাৰিওকাষৰ মাংসপেশী দুৰ্বল হৈ পৰিব পাৰে আৰু এক গুৰুতৰ বেমাৰৰ ৰূপ ল’ব পাৰে।
- যিকোনো ৰোগে শৰীৰৰ কিমান ক্ষতি কৰে সেই কথা তেজৰ পৰীক্ষাৰ দ্বাৰা অনায়াসে গম পাব পাৰি । ক’ৰনাৰ দ্বাৰা সংক্ৰমিত হৈ সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ পাচতো ভৱিষ্যতে আৰু কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে সেই কথা জানিবলৈ তেজৰ পৰীক্ষা কৰা অত্যন্ত জৰুৰী ।
- ক’ভিড-১৯ৰ ভাইৰাছে শৰীৰত অনেক প্ৰভাৱ পেলায় । সেইবাবে ৰোগীয়ে নিয়মিত ভাবে ৰক্তচাপ, তেজত অক্সিজেনৰ পৰিমাণ আৰু দেহৰ তাপমাত্ৰাৰ পৰীক্ষা কৰোৱা প্ৰয়োজন ।ডায়বেটিছ অথবা কলেষ্টেৰলৰ সমস্যা থকা লোকসকলে ব্লাড চুগাৰ , লিভাৰ আৰু কিডনিৰ পৰীক্ষা কৰোৱা দৰকাৰ ।
- ক’ভিড হৈ উঠাৰ পৰৱৰ্তী সময়ত বিশেষকৈ ৪০ বছৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কিছুপৰিমাণে মানসিক অসুস্থতাৰ লক্ষণ দেখা পোৱা যায় । যেনে- কথা পাহৰি যোৱা, ক্লান্তি , মনৰ উদ্বেগভাৱ ,অস্থিৰতা । এই লক্ষণ বোৰৰ প্ৰভাৱ দীৰ্ঘকালীনো হ’ব পাৰে বুলি বহুতো চিকিৎসকে জনাইছে ।গতিকে এই ক্ষেত্ৰতো পৰীক্ষা- নিৰীক্ষা কৰোৱা অত্যন্তই প্ৰয়োজনীয় ।
- যিকোনো ৰোগৰ পাচত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হিচাপে কিছু এন্টিবডি গঠন হয় । যিয়ে ভৱিষ্যতে কোনো সংক্ৰমনৰ পৰা শৰীৰটোক ৰক্ষা কৰে । এন্টিবডিৰ পৰিমাণ জানিবৰ বাবেও শৰীৰটোৰ পৰীক্ষা কৰোৱা অত্যন্ত জৰুৰী ।
- ক’ভিড-১৯ৰ পৰৱৰ্তী সময়ত দেহত গঠিত হোৱা প্লাজমাৰ বিষয়ে জানিবৰ বাবেও পৰীক্ষা কৰা দৰকাৰ ।