জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ চান্দগাম অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰবাদীৰ মাজত বুধবাৰে সংঘটিত হৈছে সংঘর্ষ ৷ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এই সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে । নিহত সন্ত্ৰাসবাদীকেইজন জৈইচ-ই-মহম্মদৰ সদস্য ৷ তেওঁলোকৰ এজন পাকিস্তানী নাগৰিক বুলি প্ৰকাশ কৰিছে আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ৷ তেওঁ লগতে কয় “তেওঁলোকৰ পৰা দুটা এম-৪ কাৰ্বাইন আৰু এটা একে-চিৰিজ ৰাইফলকে ধৰি আপত্তিজনক সামগ্ৰী , অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। এইটো আমাৰ বাবে এক ডাঙৰ সফলতা ৷’নিৰাপত্তাৰক্ষীয়ে চান্দগাম গাঁও ঘেৰাও কৰি তালাচী অভিযান চলোৱাৰ সময়তে এই এনকাউণ্টাৰ সংঘটিত হয় ৷
উল্লেখ্য যে এই বছৰৰ প্ৰথম পাঁচ দিনত কাশ্মীৰ উপত্যকাত আঠজন সন্ত্ৰাসবাদী আৰক্ষীৰ গুলীত নিহত হৈছে ৷ ইয়াৰে সাতজন তিনিটা এনকাউণ্টাৰত নিহত হৈছিল ৷ আনজনক সীমান্ত পাৰ হৈ অৱৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত গুলীয়াই হত্যা কৰা হৈছিল ৷ ইপিনে, মঙলবাৰে কুলগাম জিলাত সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল ৷ ।
যোৱা ১ জানুৱাৰীত কুপৱাৰাৰ জুমাগুণ্ড অঞ্চলত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা কৰা আন এজন সন্ত্ৰাসবাদী নিহত হৈছিল।জম্মু -কাশ্মীৰ আৰক্ষীয়ে ৩১ ডিচেম্বৰত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰিছিল যে ২০২১ চনত ১৭১ জন সন্ত্ৰাসবাদী নিহত হৈছিল ৷ যাৰ ভিতৰত ১৯ জন পাকিস্তানী সন্ত্ৰাসবাদী আছিল। এই বছৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈ তিনিটা এনকাউণ্টাৰ সংঘটিত হৈছে, য’ত ৭ জন সন্ত্ৰাসবাদী নিহত হৈছে।