ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীত ব্যাপক সংক্ৰমন ঘটিছে ক’ভিডৰ ৷ শিক্ষার্থী,শিক্ষক আৰ কর্মচাৰীসহ প্ৰায় ৮০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ যাৰ বাবে আই আই টি চৌহদ সম্পূর্ণৰূপে কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্ত্তিক এনে এক নির্দেশনাৰ জৰিয়তে আই আই টি চৌহদ কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ চৰকাৰী নির্দেশ অনুসৰি আই আই টি চৌহদত যিকোনো লোকৰ প্ৰৱেশ আৰু প্ৰস্থান সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে ৷ এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নির্দেশ প্ৰদান কৰিছ তেওঁ ৷ তদুপৰি জিলা উপায়ুক্ত গৰাকীয়ে আই আই টি কতৃপক্ষৰ সৈতেও এই সন্দর্ভত মত বিনিময় কৰিছে ৷ উল্লেখ্য যে ক’ভিডত আক্ৰান্ত অধিকাংশ শিক্ষার্থী বহিঃ ৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷ এই আক্ৰান্তসকলৰ শৰীৰত অমিক্ৰনৰ সংক্ৰমন ঘটিছে নেকি, তাৰ বাবে পৰীক্ষাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ৷