এইখন ভাৰতবৰ্ষৰে এগৰাকী ৮৪ বছৰীয়া জেষ্ঠ নাগৰীকৰ আজৱ কাণ্ড ৷ ১১বাৰকৈ গ্ৰহণ কৰিলে কৰ’ণা ভেকচিন ৷১২ নম্বৰ বাৰ ভেকচিন ল’বলৈ যাঁওতেই ধৰাপৰে তেওঁ ৷
বিহাৰৰ ৮৪ বছৰীয়া ব্ৰহ্মদেৱ মণ্ডল নামৰ এগৰাকী বয়োজেষ্ঠ লোকে বিভিন্ন স্থানত ১১বাৰ কৰ’ণাৰ ভেকচিন গ্ৰহণ কৰে ৷একেটা মোবাইল নম্বৰ আৰু একেখন আধাৰ কাৰ্ডেৰ যোগেদি ১২নম্বৰ বাৰ ভেকচিন ল’বলৈ গৈহে ধৰা পৰে তেওঁ ৷
এই সন্দৰ্ভত ৮৪বছৰীয়া ব্যক্তিগৰাকীয়ে কয় যে ভেকচিন গ্ৰহণ কৰি তেওঁৰ বহুখিনি লাভ হৈছএ ৷ কেইবাবাৰু ভেকচিন লোৱাৰ ফলত তেওঁৰ ভৰিৰ বিষ ,আঁঠুৰ বিষ ,গাৰ বিষ আদি দূৰ হৈছে ৷ যাৰ বাবে বাৰে বাৰে ভেকচিন লৈ আছিল বিহাৰৰ ব্ৰহ্মদেৱ মণ্ডল নামৰ লোকজনে ৷
অৱশ্যে এই ঘটনা বাহিৰলৈ অহাৰ পিছত ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত একপ্ৰকাৰৰ হাঁহাকাৰৰ সৃষ্টি হৈছে ৷ভেকচিন লৈ অভিলেখ সৃষ্টি কৰা লোকগৰাকীয়েও কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ইয়াৰ যোগেদি প্ৰকাশ পাইছে ৷তেওঁ নিজমুখে একেখন আধাৰ কাৰ্ড আৰু একেটা মোবাইল নাম্বাৰেৰে ভিন ভিন স্থানত ভেকচিন লোৱা বুলি জনাইছে আৰু ভেকচিন গ্ৰহণ কৰা স্থান আৰু সময়ৰ বিষয়েও তেওঁ উল্লেখ কৰিছে
আনহাতে ঘটনা সদৰি হোৱাৰ পিছতে স্বাস্থ্য বিভাগে তদন্তৰ নিৰ্দেশ দিয়ে ৷জিলা প্ৰশাসনৰ বিষয় ববীয়াই দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে সকলোকে ৷