বড়ো – কছাৰী পৰিয়ালৰ বৰঘৰৰ ইছিঙত ৰন্ধা-বঢ়াৰ কাম কৰে ।ৰন্ধা-বঢ়া চৌকাৰ উত্তৰফালে মহাদেৱ বুঢ়া বাথৌ মহাৰজা , আই কামাখ্যা আৰু মায়নাও মাওথানছিৰ থান বা থাপনা থাকে। বড়ো-কছাৰী সকলৰ নিয়ম মতে পৰিয়ালৰ বাবে দিনৰ দুবেলা দুমুঠি ৰন্ধা-বঢ়া কৰা ভাত – আঞ্জা নিজৰ ইষ্ট- দেৱীক আগবঢ়াই দি সেৱা কৰাৰ পাছত হে পৰিয়ালে সেই ভাত – আঞ্জা আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। বড়ো – কছাৰী সকলৰ বিশ্বাস মতে যাৰ পৰা এই পৃথিৱী খন সৃষ্টি হৈছে সেই সৃষ্টি কৰ্তা দেৱ- দেৱীয়ে আহাৰ গ্ৰহণ কৰাৰ পাছতহে আমি মানুহে আহাৰ গ্ৰহণ কৰিব লাগে। বড়ো-কছাৰীৰ আহাৰ গ্ৰহণ কৰা এই নীতিয়ে মানৱ সভ্যতাৰ উচ্চ আদৰ্শৰ পৰিচয় দিয়ে। বড়ো -কছাৰী সকলৰ খেৰায় পূজাৰ শেষত লক্ষী আইক উদ্ধাৰ কৰাৰ পাছত লক্ষী আইক সযতনে ৰাখি পবিত্ৰতাৰে ব্যৱহাৰ কৰিবৰ কাৰণে শপত খায় আৰু থাপনাৰ ওচৰতে পৰিয়ালে খোৱা চাউলৰ কলহ বা পাত্ৰ ৰখা হয়। ৰান্ধনীজনে তাৰপৰা চাউল উলিয়াই আনিবৰ সময়ত চাউল থোৱা বাচনত ধৰি এবাৰ সেৱা কৰাৰ পিছতহে তাৰপৰা চাউল উলিয়াই অনাৰ নিয়ম তেওঁলোকৰ মাজত প্ৰচলিত।
বড়ো – কছাৰী পৰিয়ালৰ বৰঘৰৰ প্ৰতি কিছুমান লোক- বিশ্বাস আছে –
বৰঘৰৰ চালৰ ওপৰত কপৌ পৰিলে , গৰখীয়াক সিধা দিব লাগে। চাউল , শাক-পাচলি আৰু নিমখ-জলকীয়া দিয়াৰ পিছতো আৰু কিবা লাগিব নেকি সুধিব লাগে। গৰখীয়া সকলে যদি আৰু কিবা বস্তু লাগে বুলি কয় ঘৰত নাথাকিলেও বস্তুৰ বাবে মূল্য দিয়াটো নিয়ম।
বৰঘৰৰ চালৰ ওপৰত তামুলী শগুণ পৰিলে পৰিয়ালৰ ভৱিষ্যৎ ঐশ্বৰ্যময় হোৱাৰ সূচনা দিয়ে। সেই শগুণে চালত পৰি বতিয়ালে , অতি সোনকালে ঐশ্বৰ্যশালী হোৱাৰ লক্ষণ বুলি ধৰি লোৱা হয়। সাধাৰণ শগুণ আৰু কাউৰীয়ে বৰঘৰৰ চালৰ ওপৰত বতিয়ালে ফল মধ্যম বুলি ধৰি লোৱা হয়। বড়ো-কছাৰী সকলে বিশ্বাস কৰে যে ‘হাল বালেহে চপৰা উঠে ‘ অৰ্থাৎ নিজে যত্ন কৰিলেহে ৰত্ন মিলে -এই ধাৰণাত অটল থাকি বৰঘৰৰ চালৰ ওপৰত তামুলী শগুণে বতিয়াই যোৱাৰ বিশ্বাসৰ পৰা অনুপ্ৰেৰণা লৈ দুগুণ উৎসাহেৰে খেতি-বাতি কৰি চহকী হোৱা দেখা যায়।
বড়ো-কছাৰী সকলে গৰুক লক্ষী হিচাপে পূজা কৰে। কোনো পৰিয়ালৰ বৰঘৰৰ ভিতৰত গৰু সোমালে কোনো ভাগিৰ মৃত্যু হৈছে বুলি ধৰি লয় আৰু ঘৰ- দুৱাৰ মচি , গোবৰৰ পানীৰে শুদ্ধ কৰিহে বংশৰ কোনোবাৰ মৃত্যু হৈছে নেকি খবৰ লয়। ঠিক সেইদৰে ঘৰৰ মজিয়া বা চোতাল সূৰ্য অস্ত যোৱাৰ পিছত অৰ্থাৎ সন্ধিয়া সাৰি ঘৰৰ জাবৰবোৰ বাহিৰত পেলাই দিয়া নিয়ম নাই । এনে কৰিলে ঘৰৰ লক্ষী আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।
তিৰোতা মানুহে কেঁচুৱা সন্তান লগত লৈ দূৰণিত ফুৰিবলৈ গ’লে , চৌকাৰ মাটিৰে কেঁচুৱাটিৰ কপালত ফোঁট দি লৈ যায়। তেওঁলোকে বিশ্বাস কৰে যে , মাকৰ মৰমৰ সন্তান দূৰণি ঠাইৰ পৰা ঘুৰি আহি আকৌ পৰিয়ালৰ মাজত থাকি সেই চৌকাত ৰান্ধা ভাত-আঞ্জা খাব পাৰিব। চৌকাৰপৰা আধা পোৰা খৰি বাহিৰত পেলাই দিলে গৃহস্থৰ শ্ৰীহানি হয় বুলি বিশ্বাস কৰে ।এই লোকবিশ্বাসৰ দ্বাৰা পৰিয়ালক মিতব্যয়িতাৰ উপদেশ দিয়া বুলি জানিব পৰা যায়।
বড়ো – কছাৰী সকলৰ বৰঘৰ মাথোন এখন ঘৰেই নহয় । ঘৰখনত সুখ- শান্তিৰে থকাৰ উপৰিও বৰঘৰে পৰিয়ালৰ তথা সমাজৰ সভ্যতা – সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শণ দাঙি ধৰিছে।