দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমন ৷ শুকুৰবাৰৰ দিনটোত অসমত ক’ভিডত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে এহেজাৰৰ ঘৰ ৷ কালি ৰাজ্যত আক্ৰান্ত হৈছে ১,১৬৭ জন লোক ৷ ইয়াৰে অধিক সংখ্যক লোক গুৱাহাটী মহানগৰীৰ ৷ কালি গুৱাহাটীত আক্ৰান্ত হৈছে ৫১৭ জন লোক ৷ তদুপৰি কামৰূপ জিলাত ৯৬ জন, হোজাই জিলাত ৬১ জন আৰু তিনিচুকীয়া জিলাত ৫১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ কালি ক’ভিড আক্ৰান্তৰ হাৰ হৈছে ৩.৩২ শতাংশ ৷ কালিৰ দিনটোত মৃত্যু হৈছে ২ জন ৷ সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩,৬০১ জন লোক ৷ ইপিনে ৰাজ্যত বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্ত লোক ৷ ৯ জনলৈ বৃদ্ধি হৈছে অমিক্ৰনত আক্ৰান্ত ৰোগী ৷ ইয়াৰে ৬ জন ডিব্ৰুগড় জিলাৰ বুলি জানিব পৰা গৈছে ৷
সমান্তৰালভাৱে দেশত উর্ধগামী হৈয়েই আছে ক’ভিড আক্ৰান্তৰ হাৰ ৷ শনিবাৰে দেশত আক্ৰান্ত হৈছে ১.৪০ লাখতকৈয়ো অধিক লোক ৷ বিগত ২৪ ঘন্টাত ১,৪১,৯৮৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশখনত ২৪ ঘণ্টাত ১ লাখতকৈয়ো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ শনিবাৰে আক্ৰান্ত লোকৰ সংখ্যা আগদিনাতকৈ ২১ শতাংশ অধিক ৷ ইয়াৰ লগে লগে ভাৰতৰ সামগ্ৰিক ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩,৫৩,৬৮,৭৩২ জনলৈ বৃদ্ধি পালে ৷ মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত দেশৰ সৰ্বাধিক সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ দেশত দৈনিক পজিটিভিটিৰ হাৰ হৈছে ৯.২৮ শতাংশ ৷