ক’ভিডৰ অমিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ফ্ৰন্টলাইন ৱর্কাৰ আৰু ৬০ উর্ধৰ ব্যক্তিসকলক ভেকচিনৰ তৃতীয় পালি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহা ১০ জানুৱাৰীৰ পৰা এই তৃতীয় পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া দেশজুৰি আৰম্ভ হ’ব ৷ এই ভেকচিন লোৱাৰ বাবে স্বাস্থ্যকর্মী,চিকিৎসক, নার্ছকে ধৰি ফ্ৰন্টলাইন ৱর্কাৰ আৰু ৬০ উর্ধৰ ব্যক্তিসকলে অনলাইন পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তা নাই ৷ তেওঁলোকে যিকোনো ভেকচিন কেন্দ্ৰলৈ গৈ তৃতীয় পালি ড’জ গ্ৰহণ কৰিব পাৰিব ৷ অৱশ্যে এইক্ষেত্ৰত অনলাইন পঞ্জীয়নৰ ক্ষেত্ৰতো কোনো বাধা নাই ৷ ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ ৩৯ সপ্তাহৰ পাছত তৃতীয় পালি গ্ৰহণ কৰিব পাৰিব ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ এক সূত্ৰই সংবাদমাধ্যমৰ আগত কয় ” তৃতীয় পালিৰ বাবে কোউইনত নতুনকৈ পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই। যিসকলে ক’ভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰিছে তেওঁলোকে পোনপটীয়াকৈ এপইণ্টমেণ্ট ল’ব পাৰে বা যিকোনো টিকাকৰণ কেন্দ্ৰলৈ যাব পাৰে ৷ শনিবাৰে সন্ধিয়াৰ পৰা অনলাইন এপইণ্টমেণ্ট আৰম্ভ হ’ব। অন-চাইট এপইণ্টমেণ্টৰ সৈতে টিকাকৰণ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷“চৰকাৰে প্ৰকাশ কৰিছিল যে “সাৱধানতামূলক” পালিটো প্ৰথম দুটা পালিৰ দৰে একে হ’ব। ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জানুৱাৰীৰ পৰা তিনিটা শ্ৰেণীৰ বাবে তৃতীয়টো পালি আৰু ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰ বয়সৰ শিশুৰ টীকাকৰণৰ কথা ঘোষণা কৰিছিল।ইফালে, স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে ভাৰতৰ টীকাকৰণৰ সংখ্যাই ১৫০ কোটি পালি অতিক্ৰম কৰিছে।