পাঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ ক্ষেত্ৰত হোৱা গুৰুতৰ অৱহেলাৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত তদন্ত কৰা হ’ব ৷ ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে এখন নিজাববীয়া কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন হ’বলগীয়া উচ্চ পৰ্যায়ৰ কমিটীয়ে এই ঘটনাৰ তদন্ত কৰিব ৷ পাঞ্জাৱৰ আগন্তুক বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত এয়া এক গুৰুত্বপূর্ণ ঘটনা হিচাপে বিবেচিত হৈছে ৷
উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰ আৰু পঞ্জাৱ চৰকাৰক তেওঁলোকে এই ঘটনা সন্দর্ভত আৰম্ভ কৰা তদন্ত স্থগিত ৰাখিবলৈ নির্দেশ দিছে ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমন আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰ বিচাৰপীঠে কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন হ’বলগীয়া কমিটীৰ সৱিশেষ শীঘ্ৰে প্ৰকাশ কৰা হ’ব ৷ ইয়াৰ পূৰ্বৰ শুনানিত উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰীৰ পাঞ্জাৱ ভ্ৰমণৰ সমূহ তথ্য সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখ্য যে কিছুদিন পূর্বে প্ৰধানমন্ত্ৰীৰ কনভয় পঞ্জাৱৰ বাথিণ্ডাৰ এখন উৰণীয়া সেঁতুত প্ৰায় ২০ মিনিটৰ বাবে প্ৰতিবাদকাৰীয়ে আৱদ্ধ কৰি ৰখাৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ প্ৰধানমন্ত্ৰী গৰাকীক নিৰাপত্তা প্ৰদানৰ ব্যর্থতাৰ বাবে চৰণজিৎ সিং চান্নী চৰকাৰক দোষাৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছক “প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ এক ষড়যন্ত্ৰ” ৰচা বুলি অভিযোগ কৰিছিল ৷