বিশ্বৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী হাৰ্পাৰ কলিনছে প্ৰসিদ্ধ উদ্যোগী ৰতন টাটাৰ জীৱনী প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সন্দৰ্ভত ২ কোটি টকাৰ চুক্তি সম্পাদন কৰিছে সংস্থাটোৱে ৷
অৱসাৰ প্ৰাপ্ত আমোলা থমাছ মেথিউৱে ৰচনা কৰিবলগীয়া গ্ৰন্থখনৰ যোগেদি প্ৰকাশ পাব ৰতন টাটাৰ শৈশৱ,কৈশোৰ,যৌৱন তথা জীৱনৰ বহু অপ্ৰকাশিত কাহিনী ৷গ্ৰন্থখন ৰচনাৰ বাবে ৰতন টাটাৰ বিষয়ে আজি বহুবছৰ ধৰি বিশেষভাৱে অধ্যয়ন কৰি আছে বিশিষ্ট লেখক গৰাকীয়ে ৷ ২কোটি টকাৰ চুক্তিখনৰ যোগেদি হাৰ্পাৰ কলিনছে সমগ্ৰ বিশ্বত এি জীৱনীমূলক গ্ৰন্থ খনৰ প্ৰকাশ আৰু বিক্ৰীৰ লগতে ইয়াৰ ই-বুক আৰু অডিঅ’ বুক সংস্কৰণ তথা বিক্ৰীৰ কৰ্তৃত্ব লাভ কৰিব ৷ অৱশ্যে জানিবপৰা মতে গ্ৰন্থখনৰ অ’ টি টিৰ স্বত্ব থাকিব লেখকগৰাকীৰ নামত ৷ লেখক থমাছ মেথিউৱে প্ৰকাশকৰ পৰা ৰয়েল্টি হিচাপে ৫ৰ পৰা ১৫শতাংশকৈ ধন লাভ কৰি থাকিব ৷