দেশজুৰি কৃষকৰ অৱস্থা যে শোচনীয় হৈছে সেই কথা সত্য প্ৰমাণিত কৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে দাঙি ধৰিলে ভয়ংকৰ তথ্য। কৃষকৰ আত্মহত্যা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী জনে কয় যে দেশৰ লগতে অসমতো কৃষকৰ আত্মহত্যা ঘটনা বৃদ্ধি পাইছে।
২০১৮-২০১৯ ৰ এই দুয়োটা বৰ্ষত অসমত মুঠ ৩১ জনকৈ কৃষকে আত্মহত্যা কৰিছে। ঋণ লৈ উৎপাদিত কৰা ফচলৰ উচিত মূল্য নোপোৱা কৃষকসকলে চৰম হতাশাগ্ৰস্ত হৈ আত্মহত্যাৰ দৰে পথ বাচি লবলৈ বাধ্য হৈছে বুলিও উল্লেখ কৰে।
তথ্য অনুসৰি অসমত ২০১৮ চনত ৬ জন কৃষকে আত্মহত্যা কৰিছিল আৰু ২০১৯ বৰ্ষত ২৬ জনকৈ কৃষকে আত্মহত্যা কৰিছে। ইফালে এই দুটা বছৰত দেশত মুঠ ১১, ৭২০ জন কৃষকে আত্মহত্যা কৰিছে। সৰ্বাধিক মহাৰাষ্ট্ৰত এই দুটা বছৰত আত্মহত্যা কৰা কৃষকৰ সংখ্যা ৪,৯১৯ জন।
এই সমগ্ৰ তথ্যৰ পৰা এইকথা সহজেই অনুমান কৰিব পাৰি যে, দেশত কেনেদৰে কৃষকৰ অৱস্থা দিনক দিনে শোচনীয় হৈ গৈ আছে। অৱশ্যে এই সময়ছোৱাত অৰুণাচল, মেঘালয়, গোৱা, ঝাৰখণ্ড আদি ৰাজ্যত এজনো কৃষকে আত্মহত্যা কৰা নাই বুলিও উল্লেখ কৰে মন্ত্ৰী জনে।
উল্লেখ্য যে কেদ্ৰীয় চৰকাৰে জাপি দিয়া কৃষি আইনৰ বিৰোধিতা কৰি বিগত এটা বছৰ ধৰি কৃষকসকলে কৃষি আন্দোলন অব্যাহত ৰাখিছে। তাৰমাজতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী জনে দাঙি ধৰা এই তথ্য ই যে কৃষক সকলৰ ওপৰত অধিক চাপ পেলাব সেইটো নিশ্চিত। লগতে এনে পৰিস্থিতিত অসমতো কৃষকৰ আত্মহত্যা ঘটনা বৃদ্ধি পোৱাটো লক্ষণীয় বিষয় হৈ পৰিছে।