যোৱা ৭জানুৱাৰী তাৰিখে গুৱাহাটী মহানগৰীৰ ঘোঁৰামৰাস্থিত ‘মহিঅপৰ্ণা’ত ‘ডিভাইন হ্যাও ৱেলফেয়াৰ অৰ্গেনাইজেশ্বন’ৰ মহিলা মঞ্চৰ দ্বাৰা এক স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ মহিলা মঞ্চৰ সভানেত্ৰী ৰূপালী মৰলে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে মহিলাসকলৰ স্বাস্থ্য ৰক্ষা প্ৰতি সজাগতা সৃষ্টিৰ বাবে শণিবাৰে মঞ্চৰ উদ্যোগত এই সভাখন অনুষ্ঠিত কৰা হয় ৷
মঞ্চৰ সদস্যাসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত পৌৰাহিত্য কৰে সভানেত্ৰূ ৰূপালী মৰলে ৷ আনহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মীনাক্ষী দেৱীয়ে ৷ মঞ্চৰ সদস্যা পদ্মা দেৱীয়ে বন্তি প্ৰজ্বলন কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি স্বাস্থ্য সজাগতা বিষয়ক বক্তৃতা প্ৰদান কৰে ডক্তৰ বিদ্যাৱতী দাস আৰু ডক্তৰ বিদ্যুৎ মৰলে ৷
আনহাতে ৰুকিয়া বেগম,প্ৰণীতা শৰ্মা,লনী দত্ত ,বেবী দাস,মুন গগৈ ,জুমু কলিতা আৰু সাধনা দেৱীয়ে সভাত উপস্থিত থাকি কবিতা পাঠৰ যোগেদি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷