শগুণীলতা লতা জাতীয় উদ্ভিদ । কিছুমানে অমৰলতা বুলি কয় । আন কিছুমানে সিদ্ধিলতা বুলিও কয়। এশ গুণ থকাৰ বাবে শগুণী লতাও বোলে। পাত পাণ পাতৰ দৰে বহল আৰু গাঢ় সেউজীয়া। ফল কেঁচাতে সেউজীয়া আৰু পকিলে ৰঙা ৰঙৰ হয়। গা-গছ , ঠাৰি আদি অতিপাত তিতা। ‘শ ‘গুণ থকা শগুণী লতাৰো আছে বহুত ঔষধি গুণ ।জানো আহকচোন-
১) শগুণীলতাই মেলেৰীয়া প্ৰতিৰোধ কৰে আৰু ৰোগ নিৰাময় কৰে ।
২) শগুণীলতা খালে কৃমি নোহোৱা হয়।
৩) বহুমূত্ৰ ৰোগত দেহৰ তেজত থকা চেনি নিয়ন্ত্ৰণ কৰে।
৪) শগুণীলতা ৰক্তদোষ আৰু পিত্তৰোগ নাশক।
৫) শগুণীলতাই বাতবিষ ভাল কৰে।
৬) শগুণীলতাই জ্বৰ ভাল কৰে। ডেংগু ৰোগত বিশেষ উপকাৰী।
৭) ছালৰ বিভিন্ন ৰোগৰ বাবে শগুণীলতা উপকাৰী।
৮) শগুণীলতাই শৰীৰত শক্তি দিয়ে।
৯) কৰ্কট ৰোগীৰ বাবে শগুণীলতা অতি হিতকৰ।