উৰিষ্যাৰ ময়ুৰভঞ্জ বনাঞ্চলৰ অন্তৰ্গত ৰসগোবিন্দপুৰত ১৫ফুট দ কুঁৱাৰ পৰা বনবিষয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটা কণমানি হাতী পোৱালি ৷ সহ বন সংৰক্ষক বিষয়া ৰবিনাৰায়ন মহান্তিয়ে জানিবলৈ দিয়া মতে পোৱালিটো উদ্ধাৰৰ বাবে হঠাৎ তেওঁৰ মনত এক বুদ্ধি খেলাইছিল আৰু তেওঁলোকে পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷তেওঁলোকে প্ৰথমতে ১৫ফুট দ সেই কুঁৱাটো পানীৰে ভৰাই দিছিল আৰু পানী ভৰাই দিয়াৰ পিছতে বোকাৰে লুতুৰি-পুতুৰি হৈ কুঁৱাৰ তলিত আবদ্ধ হৈ থকা কণমানি হাতী পোৱালিটো মাটিৰ পৰা কিছু ওপৰলৈ উঠি আহিছিল যাৰ ফলত পোৱালিটোৰ মাক আৰু বাকী হাতীবোৰে আহি তাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ই আছিল পোৱালিটো উদ্ধাৰৰ ক্ষেত্ৰত এক অভিনৱ পন্থা