কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সপ্তম দ্বি- বাৰ্ষিক অধিবেশন উপলক্ষে ৯ জানুৱাৰী ২০২২ ত সত্যনাথ বৰা হলত এখনি মুকলি সভা অনুষ্ঠিত হয়। সভাত পৌৰহিত্য কৰে সমিতিৰ সভানে ত্ৰী নন্দিতা চলিহাই। মুখ্য অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড° দীপ্তি ফুকন পাটগিৰিয়ে। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই নলবাৰী এম. এন. চি. বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° লীনা ডেকাই। আদৰণি ভাষনৰ পাছতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ড° সোণালী বৰা হাজৰিকাই। উদ্ধোধনী ভাষণ প্ৰদান কৰে জিলা সমিতিৰ উপদেষ্টা নীলিমা বৰাই। এই সভাতেই মালবিকা বুঢ়াগোহাঁই আৰু নীৰা চক্ৰবৰ্তীৰ যুগ্ম সম্পাদনাত প্ৰকাশ হোৱা সমিতিৰ মুখপত্ৰ “প্ৰাগজ্যোতি” উন্মোচন হয়। সভাত জ্যোতি বৰুৱাই সম্পাদনা কৰা ‘গ্ৰন্থপঞ্জী’ আৰু আন লেখিকাৰ গ্ৰন্থ উন্মোচন হয়। সভাত চন্দ্ৰপ্ৰভা দেৱী সোঁৱৰণী শিশু- উপন্যাস প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰা ৰত্না দেৱীক নগদ ধন , গ্ৰন্থৰ টোপোলাৰে সন্মানিত কৰা হয়। লগতে নলিনী বালা দেৱীৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।সমজুৱাৰ একাষাৰ আগবঢ়ায় কমলা উজীৰ আৰু দৰ্পণা বৰা নেওগে। সম্পাদিকা সোণালী বৰা হাজৰিকাই সকলোকে শলাগ জ্ঞাপন কৰে।