এখন মসৃণ আৰু নিৰোগী ছালে সকলোকে আকৰ্ষণ কৰিব পাৰে। ছালখন হৈছে দেহৰ সৌন্দৰ্যৰ প্ৰতীক। ছালক নিৰোগী , সতেজ , মসৃণ আৰু অধিক আকৰ্ষ
ণীয় খাদ্য বস্তুৰ দ্বাৰা সহজে কৰিব পৰা যায়। ছালৰ বিভিন্ন সমস্যা বনৌষধিৰ দ্বাৰা সমাধান কৰিব পাৰি ।বিশেষকৈ শীত কালত ছালখন আমি এনেদৰে ধুনীয়াকৈ ৰাখিব পাৰোঁ-
১) ছাল সুন্দৰ আৰু চিকচিকিয়া কৰিবৰ কাৰণে দৈ এক চামুচ , গাখীৰ এক চামুচ , আধা চামুচ বগা চন্দনৰ গুড়া আৰু ১/৪ চামুচ হালধিৰ ৰস মিহলি কৰি ছালত দিনে দুই বাৰকৈ সানিব লাগে।
২) ছাল খহটা নহ’বৰ কাৰণে নিতৌ ঠাণ্ডা পানী ১০/১২ গিলাচ বা ফলৰ ৰস খাব লাগে।
৩) ৰ’দত ছাল ৰঙচুৱা বা ক’লা পৰিলে ছালকুঁৱৰীৰ পাতৰ বিজল দিনত ১ বাৰ কৈ লগাব লাগে।
৪) ভৰিৰ গেৰোৱা ফাটিলে আঁহত গছৰ আঠা ফটা অংশত লগালে ভাল হয়।
৫) পকা অমিতা ফেটি মুখত প্ৰায় ২ মিনিট সময় সানিলে মুখৰ ক’লা দাগ নাইকিয়া হোৱাৰ লগতে ছাল মসৃণ হয়।
৬) ওঁঠ ফাটিলে গাখীৰৰ সৰ লগাব লাগে।মৌজল লগালেও সুফল পোৱা যায়।
৭) পকা কল ভালদৰে ফেটি ছালত সানিলে ছাল নিমজ হয়।
৮) মাটিমাহ , কেঁচা হালধি পিহি ছালত গা -ধোৱাৰ আগতে সানিলে ছাল নিমজ হয়।
৯) পকা বিলাহী পিহি ছালত সনাৰ লগতে পকা বিলাহী একোটাকৈ প্ৰতিদিনে খালে ছালৰ ৰং উজ্বল হয়।
১০) নিমপাত সিজোৱা পানীৰে গা ধুলে ছালৰ খজুৱতি নাশ হৈ ছাল নিমজ হয়।
১১) শীতকালত ছাল মসৃণ আৰু সুন্দৰ হ’বলৈ কমলা টেঙা , ৰবাব টেঙা , গোল নেমু , পকা অমিতা , আমলখি , শিলিখা , পদিনা , বিলাহী , আপেল , আঙুৰ , হালধি আৰু সেউজীয়া শাক-পাচলি নিয়মীয়াকৈ খাব লাগে।