ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিনেই একমাত্ৰ অস্ত্ৰ হিচাপে বিশেষজ্ঞ সকলে মতপোষণ কৰি অহিছে ৷ তৎসত্বেও একাংশ লোকে ভেকচিন ল’বলৈ প্ৰকাশ কৰি আহিছে অনীহা ৷ ভেকচিন ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই এইবাৰ ১২ বছৰীয়া পুত্ৰক সাক্ষাতৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল এজন কানাডাৰ লোক ৷ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা প্ৰট’কলৰ বিৰোধিতা কৰাৰ লগতে ভেকচিন নোলোৱাৰ বাবে পুত্ৰক সাক্ষাৎ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এখন আদালতে ৷ শিশুটিৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে এই মুহুর্তত এয়াই আটাইতকৈ উপযুক্ত সিদ্ধান্ত বুলি প্ৰকাশ কৰিছে আদালতে ৷
এই লোকজনে পুত্ৰক সাক্ষাতৰ অনুমতি বিচাৰি যোৱা ২৩ ডিচেম্বৰতো আদালতৰ দ্বাৰস্থ হৈছিল ৷ সেই সময়তো আদালতে ফেব্ৰুৱাৰী পর্যন্ত তেওঁক পুত্ৰক সাক্ষাতত বাধা আৰোপ কৰিছিল ৷ তৎসত্বেও তেওঁ ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল ৷ লোকজন পুনৰ আদালতৰ কাষ চাপে যদিও পুত্ৰক সাক্ষাতৰ অনুমতি প্ৰদানৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে বন্ধৰ দিনত তেওঁৰ পুত্ৰক নিৰ্ধাৰিত সাক্ষাতৰ সময় বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱাৰ সময়তে এই সমস্যাৰ সন্মুখীন হয় ৷ কিয়নো শিশুটিৰ মাতৃয়ে ইয়াৰ বিৰোধিতা কৰে ৷ শিশুটিৰ মাতৃয়ে আদালতত আপত্তি দর্শাইছিল যে ব্যক্তি জনে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা নাই ৷ তদুপৰি ব্যক্তিজনে সামাজিক মাধ্যমৰ জৰিয়তে ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা নিয়মসমুহৰ বিৰোধিতা কৰি আহিছে ৷
।