ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ডিজিটেক বেংকিং শাখাৰ মুৰব্বী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ সন্ধানত আছে আৰু সেয়েহে বেংক প্ৰতিষ্ঠানটোৱে এই পদবীৰ বাবে আবেদনৰ আহ্বান জনাইছে ৷
প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে তিনিবছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব ডিজিটেল বেংকিঙৰ মুৰব্বীৰ পদ ৷ এই পদৰ বাবে আবেদন দাখিলৰ অন্তিম তাৰিখ হ’ল ২৮ জানুৱাৰী ৷ দেশৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকৰ ডিজিটেল বেংকিঙৰ মুৰব্বী গৰাকীৰ প্ৰধান কাম হ’ব পৰিকল্পনা প্ৰস্তুত,উন্নয়ন আৰু পৰিকল্পনা কাৰ্যকৰীকৰণৰ সৈতে জড়িত থকা ৷