সকলোৰে এবিধ প্ৰিয় ফল হ’ল আপেল। সৰু- ডাঙৰ সকলোৰে কাৰণে আপেল এবিধ উপকাৰী ফল। প্ৰাচীন কালত গ্ৰীক সকলে আপেলক যৌৱন সঞ্জীৱনী হিচাপে ব্যৱহাৰ কৰিছিল। মানসিক চিন্তা দূৰ কৰিবৰ কাৰণে সদায় এটাকৈ আপেল খাব লাগে। ই কাম কৰাৰ প্ৰেৰণা যোগায় আৰু মন প্ৰফুল্লিত কৰে।
১) শৰীৰত হোৱা’ ইউৰিক এচিড’ আপেলে হ্ৰাস কৰিব পাৰে।
২) বিষাক্ত তেজ শোধন কৰাত আপেলৰ ৰসে ভাল কাম কৰে।
৩) আপেল খালে কুকুৰীকণা ৰোগ ভাল হয়।
৪) আপেলত থকা পেকটিনে পেটচলা ৰোগ নাশ কৰে।
৫) মুখৰ ঘাঁ শুকুৱাত আপেলে ঔষধৰ কাম কৰে।
৬) আপেল নিয়মীয়াকৈ খালে মৃগীৰোগ ভাল হোৱাত সহায় হয়।
আপেল যে কেৱল ঔষধি গুণেৰেই ভৰপুৰ এনে নহয় , আপেল সৌন্দৰ্য চৰ্চাতো ব্যৱহাৰ কৰা হয়।
আপেল এটা পিহি ভালদৰে ৰস উলিয়াই ছালত সানিব লাগে।এনেদৰে ২০ মিনিট সময় ৰাখি তাৰ পাছত কুহুমীয়া পানীৰে ধুব লাগে। দিনত এবাৰকৈ এনেদৰে এমাহ মান কৰিলে মুখ আৰু হাত-ভৰিৰ ছাল মনোমোহা হয়।
এটা আপেল আৰু তিনিটা গাজৰ সৰু সৰুকৈ কাটি পুৱা খালি পেটত এমাহ খালেই শৰীৰৰ ছাল সুন্দৰ হয় আৰু শৰীৰ লাহী হয়।
একাপ দৈত এটা আপেলৰ পৰা ওলোৱা ৰস মিহলি কৰি সানিলে ছাল নিমজ হয়।
চুলি ধুই লোৱাৰ পাছত আপেলৰ ৰস সানিলে চুলি সুন্দৰ হয়।