ক’ভিড মহামাৰীৰ সময়ছোৱাত বহুলোকে হেৰুৱাব লগীয়া হৈছে জীৱন -জীৱিকা ৷ লকডাউনকে ধৰি বিভিন্ন কঠোৰ নীতি নিয়মে স্তব্ধ কৰি তুলিছে সাধাৰণ জীৱন ৷ কর্মসংস্থাপন হেৰুৱাই বহুজনে লৈছে আত্মহননৰ দৰে পথ ৷ কিন্তু ইয়াৰ মাজতে ক’ভিড আর্শীবাদ স্বৰূপ হৈ আহিছে একাংশ লোকৰ বাবে ৷ বিশ্বৰ সবর্বোচ্চ ১০ জন ধনী ব্যক্তিৰ এই মহামাৰীৰ সময়ছোৱাত দুগুণলৈ বৃদ্ধি পাইছে সম্পত্তিৰ পৰিমান ৷ এই কথা প্ৰকাশ পাইছে অক্সফেমৰ এক প্ৰতিবেদনত ৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এই ব্যক্তিকেইজনৰ সম্পত্তিৰ পৰিমান যোৱা দুবছৰতে ৭০০ ডলাৰৰ পৰা ১.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ৷ অর্থাৎ তেওঁলোকৰ সম্পত্তি প্ৰতিদিনে বৃদ্ধি হৈছিল ১.৩ বিলিয়ন ডলাৰকৈ ৷
বিশ্বব্যাপী দৰিদ্ৰতা দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া দাতব্য সংস্থাসমূহৰ অন্যতম সংস্থা অক্সফেমে কৈছিল যে মহামাৰীৰ সময়ছোৱাত কোটিপতি সকলৰ সম্পত্তি পূর্বৰ ১৪ বছৰৰ ভিতৰত সর্বাধিক বৃদ্ধি পাইছে ৷ ১৯২৯ চনৰ ৱাল ষ্ট্ৰীট দুৰ্ঘটনাৰ পাছত ক’ভিডৰ বাবে বিশ্ব অর্থনীতি আটাইতকৈ বেয়া অৱস্থাৰ মাজেৰে পাৰ হোৱাৰ সময়তে এই ব্যক্তিসকলৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে এই মহামাৰীয়ে ১৬০ নিযুত লোকক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে ৷ অসমতা বৃদ্ধি হোৱাৰ লগে লগে অ-শ্বেতাংগ সংখ্যালঘু লোক আৰু মহিলাসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷
ফৰ্বছৰ সমীক্ষা অনুসৰি বিশ্বৰ 10 জন ধনী ব্যক্তি হৈছে টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্ক, আমাজনৰ জেফ বেজ’ছ, গুগলৰ প্ৰতিষ্ঠাপক লেৰী পেজ আৰু ছেৰ্গেই ব্ৰিন, ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰছফ্টৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিল গেটছ আৰু ষ্টিভ বলমাৰ, অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া লেৰী এলিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰী ৱাৰেন বাফে আৰু ফৰাচী বিলাসী গোট এলভিএমএইচৰ মুৰব্বী বাৰ্ণাৰ্ড আৰ্নাল্ট।