সীমান্তত চীনৰ ভাবুকি প্ৰতিৰোধ কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰি আহিছে কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা ৷ ইয়াৰ অংশ হিচাপে ভাৰত –চীন সীমান্তত অঞ্চলত শীঘ্ৰে ভাৰতে কার্যক্ষম কৰি তুলিব এছ-400 ট্ৰ’ইম্ফ এডভান্সড ছাৰফেচ টু এয়াৰ মিছাইল ডিফেন্স ছিষ্টেম ৷ অহা এপ্ৰিলতে ইয়াৰ প্ৰথমটো গোট কার্যক্ষম কৰা হ’ব ৷ আন চাৰিটা গোট অহা বছৰৰ ভিতৰত কার্যক্ষম কৰা হ’ব ৷ অৱশ্যে এই বিশেষ উন্নত ডিফেন্স ছিষ্টেম সন্দর্ভত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই ৷
উল্লেখ্য যে এছ-400 ডিফেন্স ছিষ্টেমৰ জৰিয়তে 40 কিল’মিটাৰৰ পৰা 400 কিল’মিটাৰ পৰিসৰত মিছাইল ধ্বংস কৰাৰ ক্ষমতা আছে ৷ ২০১৮ চনৰ অক্টোবৰত স্বাক্ষৰিত ৫ বিলিয়ন ডলাৰৰ চুক্তিৰ জৰিয়তে ৰাছিয়াৰ পৰা এছ-400 ডিফেন্স ছিষ্টেম ক্ৰয় কৰা হৈছিল।
ভাৰতীয় সেনা আৰু চীনা পিএলএৰ মাজত ২০২০ চনৰ মে’ মাহৰ পৰা ৫৯৭ কিলোমিটাৰ দীঘল লাডাখ এলএচিত সংঘর্ষৰ সূত্ৰপাত ঘটি আহিছে ৷ যাৰ বাবে এছ-400 ডিফেন্স ছিষ্টেম ৰাছিয়াৰ পৰা ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰে পদক্ষেপ লৈছিল ৷ অমেৰিকাই ৰাছিয়াৰ পৰা এই এছ-400 ডিফেন্স ছিষ্টেম ক্ৰয় কৰাত আপত্তি প্ৰদর্শন কৰিছিল ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে শীৰ্ষ কূটনৈতিক আৰু নিৰাপত্তা মাধ্যমৰ জৰিয়তে ইয়াৰ ঘনিষ্ঠ সহযোগী আমেৰিকা যুক্তৰাষ্ট্ৰক স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত ক্ৰয় কৰিছে এছ-400 ডিফেন্স ছিষ্টেম ৷ কিয়নো সীমান্তত চীনৰ পৰা প্ৰতিমুহুর্ততে ভাৰতে ভাবুকিৰ সন্মুখীন হৈ আহিছে ৷