দেশত বৃদ্ধি পাই আছে ক’ভিডৰ সংক্ৰমন ৷ বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২. ৫৮ লাখ লোক ৷ পজিটিভিটিৰ হাৰ ১৬.২৮ শতাংশৰ পৰা ১৯.৬৫ শতাংশলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে কালিৰ তুলনাত সামান্য হ্ৰাস পাইছে সংক্ৰমন ৷ দেওবাৰৰ তুলনাত ৫ শতাংশ কমিছে সংক্ৰমন ৷ বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৫ জন লোক ৷ দেশত চিকিৎসাধীন মুঠ লোকৰ সংখ্যা হৈছে ৩.৭৩ কোটি। ইয়াৰ ভিতৰত আছে ৮,২০৯ জন অমিক্ৰনত আক্ৰান্ত ৰোগীও ৷ মুঠ ২৯ খন ৰাজ্যত সংক্ৰমিত হৈছে অমিক্ৰন ৷ ৰাষ্ট্ৰীয় পর্যায়ত স্স্থতাৰ হাৰ ৯৪.২৩ শতাংশ ৷
ক’ভিড মহামাৰীৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম মহাৰাষ্ট্ৰত ৪১,৩২৭ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ তদুপৰি মৃত্যু হৈছে ২৯ জন লোকৰ ৷ ৰাজ্যখনত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ১,৭৩৮ জনলৈ বৃদ্ধি হৈছে ।তদুপৰি দিল্লীত দেওবাৰে ১৮,২৮৬ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে ২৮ জনৰ মৃত্যু হৈছে ৷ উল্লেখ্য যে কেন্দ্ৰৰ নতুন নিৰ্দেশনা অনুসৰি, লক্ষণহীন ৰোগীসকলৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। লগতে ক’ভিডত আক্ৰান্তৰ সংস্পর্শলৈ অহা ৰোগীৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই ৷
আনহাতে, কালি অসমত নতুনকৈ আক্ৰান্ত হৈছে ২,৭০৯ জন লোক ৷ ইয়াৰে ৯১২ জন লোক গুৱাহাটীৰ ৷ আক্ৰান্তৰ হাৰ হৈছে ৮.৯৯ শতাংশ ৷ কালি ৰাজ্যত মৃত্যু ঘটিছে ৫ জন লোকৰ ৷