ৰাজনৈতিক সভাৰ পৰা আৰম্ভ কৰি চৰকাৰী কার্যসূচীলৈকে সকলোতে তেজস্বী ভাষণেৰে মন জয় কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কিন্তু বহু সময়ত মোদীয়ে এনে ভাষণ প্ৰদান কৰাৰ সময়ত ব্যৱহাৰ কৰি আহিছে টেলিপ্ৰম্পটাৰ ৷ এই বিশেষ মেচিন নহ’লে মোদী ভাষণ প্ৰদানত কিধৰণৰ অসুবিধাৰ সন্মুখীন হয় সেয়া পৰিলক্ষিত হ’ল কালি এক কার্যসূচীত ৷ টেলিপ্ৰম্পটাৰ বেয়া হোৱাৰ বাবে আধাতে ভাষণ সামৰিব লগীয়া হ’ল প্ৰধানমন্ত্ৰীয়ে ৷ ঘটনা বিৱৰনী অনুসৰি কালি ৱর্ল্ড ইক’নমিক ফ’ৰামৰ সভাত ভাষণ প্ৰদান কৰি আছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সেই সময়তে কাৰিকৰি বিজুতি ঘটে তেওঁৰ টেলিপ্ৰম্পটাৰৰ ৷ যাৰ বাবে মোদী একপ্ৰকাৰ অসহায় হৈ পৰে আৰু ভাষণৰ মাজতে ইফালে সিফালে চাবলৈ আৰম্ভ কৰে ৷ তদুপৰি এই যন্ত্ৰৰ বিজুতি ঘটাৰ পাছতে একপ্ৰকাৰ ভাষণ সামৰিব লগীয়া হয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ যাক লৈ একাংশ লোকে টুইটাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিৰোধী নেতা ৰাহুল গান্ধীয়ে কটাক্ষ কৰি কয় যে টেলিপ্ৰম্পটাৰেও ইমান মিছা কথা সহ্য কৰিব নোৱাৰিলে ৷