আমাৰ মন যেতিয়া আনন্দৰে ভৰি পৰে তেতিয়া হাঁহি ওলায়। হাঁহিৰ লগত মনৰ সম্পৰ্ক আছে। হাঁহি সুখ প্ৰকাশৰ এবিধ অন্যতম দেহভাষা। বাট্ৰাণ্ড ৰাছেলে কৈছিল – “Laughter is the most expensive and most effective wonder drug. Laughter is a universal medicine.”
হাঁহিয়ে আমাৰ স্বাস্থ্য সুঠাম কৰাত সহায় কৰাৰ লগতে নিয়মীয়া হাঁহিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে।
হাঁহিয়ে আমাৰ দেহৰ অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালন ক্ৰিয়া ঠিক মতে কৰে। হাঁহিলে আমাৰ তেজৰ সঞ্চালন ক্ৰিয়া সঠিক ভাবে হয়।
হাঁহি হল অন্যতম ব্যায়াম , হাঁহিয়েই বহু ৰোগ দূৰ কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
উদ্বিগ্নতাৰ কাৰণে হোৱা মূৰৰ বিষো হাঁহিয়ে বহু পৰিমানে কমাব পাৰে। হাঁহিয়ে মগজুৰ ৰোগ থকা লোকক উপকৃত কৰে। হাঁহিলে আমাৰ মগজুত চেৰিটানিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য উৎপন্ন হয় , যিয়ে আমাক আনন্দ দিয়ে।
হাঁহিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু হাওঁফাওঁ ৰোগীৰ কফ বাহিৰ কৰাত সহায় কৰে।
নিয়মীয়াকৈ হঁহা ব্যক্তি অৱসাদৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হয় আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ দেহত শক্তি পায়।
হাঁহিয়ে শৰীৰত শক্তি যোগান ধৰে , গাৰ বিষ নাইকিয়া কৰে। জোৰকৈ মৰা হাঁহিয়ে আমাৰ মাংসপেশীসমূহক আৰাম দিব পাৰে।
এণ্ডোৰ্ফিনৰ নিঃসৰণ বৃদ্ধি কৰি হাঁহিয়ে মনটোক প্ৰফুল্লিত কৰাত বিশেষভাবে সহায় কৰে।
হাঁহিয়ে তেজ পৰিবহনকাৰীকাবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি হৃদৰোগ সম্ভাৱনা হৃাস কৰিব পাৰে।
হাঁহিৰে মৃত্যুমুখী ৰোগীৰো ৰোগৰ উপশমৰ ক্ষেত্ৰত মহৌষধৰ দৰে কাম কৰিব পাৰে।
হাঁহি প্ৰকৃততে মহৌষধ স্বৰূপ , ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। দেহৰ ৰক্তচাপ হাঁহিয়ে হৃাস কৰে। তেজত চেনিৰ পৰিমান কমায় । হাঁহিয়ে টি কোষ আৰু বি কোষ দেহত বৃদ্ধি কৰে , যিয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। হাঁহিয়ে শ্বাস -প্ৰশ্বাস খৰতকীয়া কৰে , যাৰ ফলত ডায়ফ্লাম (মধ্যচ্ছদা) , ডিঙি , পাকস্থলী , মুখমণ্ডল আৰু বাহুৰ ভাল ব্যায়াম হয়। হাঁহিয়ে ৰক্তনলী প্ৰসাৰিত কৰি তেজে অক্সিজেন গ্ৰহণ কৰাৰ ক্ষমতা বঢ়ায়।
গতিকে পাৰেমানে হাঁহক।সদায় হাঁহক , আনকো হঁহুৱাওক । বিনামুলীয়াকৈ পোৱা হাঁহিয়ে আপোনাৰ বহুত সমস্যাৰ সমাধান কৰিব পাৰে।