ভাৰতত পৰ্যাপ্ত সংখ্যক মালবাহী ৰে’লৰ অভাৱৰ বাবেই দেশখনৰ চাউলৰ ব্যৱসায়ী সকলে ৰপ্তানিৰ বাবে বন্দৰলৈ নিবলৈ অসমৰ্থ হৈছে ৫লাখ টন চাউল ৷ পৰ্যাপ্ত মালবাহী ৰে’লৰ ৰেকৰ অভাৱতে নতুন চাউল ৰপ্তানিৰ চুক্তি স্থগিত ৰাখিবলৈ বাধ্য হৈছে ভাৰতৰ চাউল ব্যৱসায়ীসকল ৷চত্তীশগড়ৰ পৰা ভাৰতৰ পূব উপকূললৈ প্ৰায় পাঁচ লাখ টন অনা-বাচমতি চাউল বিদেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত মালবাহী ৰে’লৰ অভাৱ এক প্ৰত্যাহবান ৰূপে থিয় দিছে ব্যৱসায়ী সকলৰ সন্মূখত ৷
এনে পৰিস্থিতিৰ সুযোগ লৈ চুবুৰীয়া দেশ থাইলেণ্ড,ম্যানমাৰ,ভিয়েটনাম আদিয়ে বৃদ্ধি কৰিছে চাউলৰ দাম ৷ বিশ্বৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকাৰী দেশ হিচাপে বিবেচিত ভাৰতৰ এই দুৰৱস্থাৰ সুযোগ লৈ বিভিন্ন দেশলৈ চাউলৰ দাম বৃদ্ধি কৰাৰ লগতে ৰপ্তানিও বৃদ্ধি কৰিছে প্ৰতিদ্বন্দ্বী দেশ কেইখনে ৷
উল্লেখ্য যে চলিত মাহত ভাৰতে প্ৰায় ১.৫নিযুত টন চাউল বিডেশলৈ ৰপ্তানি কৰাৰ লক্ষ নিৰ্দ্ধাৰণ কৰা স্বত্তেও পৰিবহন জটিলতাই সমস্যাৰ সৃষ্টি কৰিছে অৰু ৰপ্তানি কৰিবলৈ অসমৰ্থ হৈছে ভাৰতীয় ব্যৱসায়ী সকল ৷
কৃষিজাত সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘অ’লাম ইণ্ডিয়া’ৰ চাউল ব্যৱসায়ী শাখাৰ উপাধ্যক্ষনীতিন গুপ্তাই প্ৰকাশ কৰা মতে ৰে’লৰ নাটনিৰ বাবেই জাহাজৰ জৰিয়তে চাউল উৎপাদন হোৱা ৰাজ্য সমূহৰ পৰা বিদেশলৈ চাউল ৰপ্তানিৰ ক্ষেত্ৰত সমস্যাৰ সন্মূখীন হৈছে দেশৰ চাউল ব্যৱসায়ী সকল ৷ আনহাতে ভাৰতৰ চাউল ৰপ্তানিকাৰী সংস্থাৰ অধ্যক্ষ বি ভি কৃষ্ণাৰাৱে প্ৰকাশ কৰামতে পৰিবহণৰ জটিলতা আৰু মূল্যবৃদ্ধিৰ ফলত বহুতো ক্ৰেতাই বৰ্তমান চাউল ক্ৰয় কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে ভাৰতৰ বিপৰীতে অন্যান্য চুবুৰীয়া দেশসমূকহে ৷